/asomiyapratidin/media/media_files/2025/01/04/fiNmOH7f4Y9r4FVGrTAu.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ: বিশিষ্ট সমাজ সংগঠক, সাহিত্যিক ভাবুৰাম কেওঁটক ২০২৫ বৰ্ষৰ জ্যোতিষ্ক সন্মান প্ৰদান কৰা হয়। আজি নগাঁৱৰ অন্যতম শিশু অনুষ্ঠান জ্যোতিষ্কৰ সভাপতি সোণাৰাম বৰা আৰু সম্পাদক দিলীপ বৰাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিছে।
নগঞা ওজা শিল্পী, অৰুণাচল প্ৰদেশত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখা প্ৰতিষ্ঠাৰ অন্যতম হোতা ভাবুৰাম কেওঁট বৰ্তমানেও সামাজিকভাৱে সক্ৰিয় হৈ নৱপ্ৰজন্মক হাতে হাত ধৰি আগুৱাই নিয়াৰ প্ৰয়াস কৰি আছে। উল্লেখযোগ্য যে, প্ৰতিষ্ঠা কালৰে পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াই অহা অসমৰ একোজন স্বনামধন্য লোকলৈ জ্যোতিষ্কই নিজা সন্মান আগবঢ়াই আহিছে।
এই বঁটাত আছে গামোচা, অংগবস্ত্ৰ, প্ৰশস্তিপত্ৰ আৰু স্মাৰক। বিগত বৰ্ষত এই সন্মান আগবঢ়োৱা হৈছিল বিশিষ্ট বিদ্বান,শিক্ষাবিদ তথা কলংপৰীয়া বাৰগঞা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বৰ্তমানৰ মুখ্য উপদেষ্টা শ্ৰীযুত প্ৰসন্ন কুমাৰ গোস্বামীক।
আগন্তুক কলংপৰীয়া বাৰগঞা সমাজৰ দ্বাদশ হেজাৰী ভাওনা মহোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ ১৫ মাৰ্চ, ২০২৫ তাৰিখে মুকলি সভাত এই বঁটা প্ৰদান কৰা হ'ব বুলি অৱগত কৰিছে।