দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব ভূষণ ৰামকৃষ্ণ গাভাই

ভূষণ ৰামকৃষ্ণ গাভাই ২০০০ চনত বম্বে উচ্চ ন্যায়ালয়ত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৯ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

author-image
Asomiya Pratidin
New Update
্

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বুলড'জাৰৰ কাৰ্যকলাপ নিষিদ্ধ কৰা ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। ২০২৫ চনৰ ১৪ মে’ত দায়িত্ব ল’ব বি কে গাভায়ে। তেওঁৰ কাৰ্যকাল চলিত বৰ্ষৰ ২৩ নৱেম্বৰলৈকে চলিব।

১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত ন্যায়াধীশ বি আৰ গাভাইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰ এছ গাভাই আছিল এগৰাকী বিখ্যাত ৰাজনীতিবিদ, তেওঁ ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ সাংসদ আৰু পিছলৈ ৰাজ্যপাল হৈছিল।

তেওঁৰ ভাতৃ ৰাজেন্দ্ৰ গাভাইয়ো এজন ৰাজনীতিবিদ। ন্যায়াধীশ গাভায়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰি ১৯৮৫ চনত আইন চৰ্চা আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ বম্বে উচ্চ ন্যায়ালয়ত আইন চৰ্চা কৰিছিল। ২০০০ চনত বম্বে উচ্চ ন্যায়ালয়ত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৯ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

ন্যায়াধীশ গাভাই সামাজিক ন্যায়ৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে পৰিচিত। উল্লেখ কৰা প্ৰয়োজন যে, ভূষণ ৰামকৃষ্ণ গাভাই হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অনুসূচিত জাতি সম্প্ৰদায়ৰ মুখ্য ন্যায়াধীশ।

উল্লেখ্য যে, ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই বুধবাৰে ন্যায়াধীশ বি আৰ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে চৰকাৰক পৰামৰ্শ দিয়ে। অহা ১৩ মে’ত অৱসৰ ল’ব মুখ্য ন্যায়াধীশ খান্নাই।

ভূষণ ৰামকৃষ্ণ গাভাই