/asomiyapratidin/media/media_files/2025/05/24/PimKu76b0MTFHLQKoEo6.jpg)
ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ দিশে আগুৱাইছে ন্যায়াধীশ বি ভি নাগাৰথনা
ডিডিটেল ডেস্কঃ ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ দিশে আগুৱাইছে ন্যায়াধীশ বি ভি নাগাৰথনা। ২৫ মে’ত আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামত যোগদান কৰিব বি ভি নাগাৰথনাই। উচ্চতম ন্যায়ালয়ৰ সৰ্বাধিক পাঁচজন ন্যায়াধীশক লৈ গঠিত কলেজিয়ামে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বদলিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উচ্চ ন্যায়ালয়ৰ নিযুক্তিৰ বাবে কলেজিয়ামৰ তিনিজন জ্যেষ্ঠ ন্যায়াধীশে সিদ্ধান্ত লয়।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকালৰ আৰম্ভণিতে কলেজিয়ামত আছিল ন্যায়াধীশ সূৰ্য্য কান্ত, অভয় এছ ওকা, বিক্ৰম নাথ, আৰু জে কে মহেশ্বৰী। ২৪ মে’ত ন্যায়াধীশ ওকাৰ অৱসৰৰ লগে লগে ন্যায়াধীশ নাগাৰাথ্নাই দেওবাৰৰ পৰা কলেজিয়ামত ভৰি দিব। ২০২৭ চনৰ অক্টোবৰ মাহত অৱসৰ নোলোৱালৈকে তেওঁ কলেজিয়ামৰ সদস্য হৈ থাকিব, য’ত ভাৰতৰ ৫৫ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ ঐতিহাসিক উন্নীতকৰণো অন্তৰ্ভুক্ত। অৱশ্যে চিজেআই হিচাপে তেওঁৰ কাৰ্যকাল হ’ব মাত্ৰ ৩৬ দিনৰ। ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২৯ অক্টোবৰলৈকে ভাৰতত শীৰ্ষ ন্যায়িক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে কাৰ্যভাৰ ললে ৰচিত হ'ব এক নতুন ইতিহাস।