কলাক্ষেত্ৰত এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ বঁটা প্ৰদান অনুষ্ঠান...

কলাক্ষেত্ৰত এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ বঁটা প্ৰদান অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
কলাক্ষেত্ৰত এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ বঁটা প্ৰদান অনুষ্ঠান...

ডিজিটেল সংবাদ,গুৱাহাটীঃ দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "জাৰ্ণেলিষ্ট ফেষ্টিভেল অৱ ইণ্ডিয়া- ২০২৪" অনুষ্ঠিত কৰা হয়। এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্ট অসম শাখাই আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে।

Advertisment

ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, নৱ ঠাকুৰীয়া,এছ’ছিয়েছন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ ৰাষ্ট্ৰীয় সভাপতি বিক্ৰম সেনৰ লগতে অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈ।

এই অনুষ্ঠানত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ডিম্পুল বৰগোহাঁইক ডিজিটেল সাংবাদিকতাৰ শিতানত প্ৰৱৰ্তন কৰা 'ডিজিটেল ইংক এৱাৰ্ড'-২০২৪ প্ৰদান কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত অনুষ্ঠানৰ জৰিয়তে বিভিন্ন সংবাদ মাধ্যমত কাম কৰি থকা কেইবাগৰাকীও সংবাদ কৰ্মীক ভিন্ন বঁটাৰে সন্মানিত কৰা হয়।

আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে অযোধ্যাৰ ৰাম মন্দিৰৰ গুৰু কৰপাত্ৰী মহাৰাজে। লগতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ গৰাকী সংবাদ কৰ্মী এই অনুষ্ঠানত উপস্থিত থাকে।

Also Read: AI ৰ প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভৱিষ্যত

Dimpul borgohain journalist festival of India 2024