প্ৰসংগ: দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ, গুৱাহাটী প্ৰেছ ক্লাবত জৰুৰী কাৰ্যনিৰ্বাহক সভা

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ অব্যাহত আছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া। শুকুৰবাৰে সমগ্ৰ বিষয় সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
দিলোৱাৰ হুছেইন মজুমদাৰ

দিলোৱাৰ হুছেইন মজুমদাৰ

ডিজিটেল সংবাদ, গুৱাহাটী : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ অব্যাহত আছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া। শুকুৰবাৰে সমগ্ৰ বিষয় সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাই দিলোৱাৰ হুছেইন মজুমদাৰক পুনৰ আটক কৰাৰ পিছৰ পৰিস্থিতি অধ্যয়ন কৰি কিছু কাৰ্যসূচী ঘোষণা কৰে। 

Advertisment
  • ২৮.০৩.২০২৫ তাৰিখৰ পৰা ৩০.০৩.২০২৫ তাৰিখলৈ কৰ্তব্যৰ সময়ত সকলো সাংবাদিককে ক'লা বেজ পৰিধান কৰিবলৈ আহ্বান জনায়।
  •  অহা ৩০.০৩.২০২৫  তাৰিখ দেওবাৰে পুৱা ১১.৩০ বজাত প্ৰেছ ক্লাবৰ বাকৰিত এখন সাংবাদিকৰ সভা আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হয়। সভাত যোৱা ২৬.০৩.২০২৫ তাৰিখৰ তাৎক্ষণিক সভাত লোৱা সিদ্ধান্ত বিতং আলোচনা কৰি প্ৰস্তাৱ গৃহীত কৰি স্মাৰকপত্ৰ হিচাপে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব। সভাৰ বিষয় হ'ব "সাংবাদিকে কৰ্মৰত অৱস্থত পাবলগা নিৰাপত্তা"।

সকলো কাৰ্যসূচীতে সমূহ সাংবাদিকৰ উপস্থিতি কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে।

সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাব দিলোৱাৰ হুছেইন মজুমদাৰ