২০২৪বৰ্ষত কৰ্মৰত অৱস্থাতে ৫৪জন সাংবাদিকক হত্যা...

সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে সাংবাদিক নিগ্ৰহৰ ঘটনা। খবৰ আৰু সত্যাৰ সন্ধান কৰিবলৈ গ’ল বছৰি প্ৰাণ হেৰুবালগীয়া হৈছে বহু সাংবাদিকে। ২০২৪ চনৰ ১ ডিচেম্বৰ পৰ্যন্ত বিশ্বৰ বিভিন্ন প্ৰা

author-image
Asomiya Pratidin
New Update
jkks

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে সাংবাদিক নিগ্ৰহৰ ঘটনা। খবৰ আৰু সত্যাৰ সন্ধান কৰিবলৈ গ’ল বছৰি প্ৰাণ হেৰুবালগীয়া হৈছে বহু সাংবাদিকে। ২০২৪ চনৰ ১ ডিচেম্বৰ পৰ্যন্ত বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাতৰ পৰিস্থিতিত কাম কৰি থকা অৱস্থাত ৫৪ জন সাংবাদিক নিহত হৈছে। ইয়াৰে এক তৃতীয়াংশতকৈ অধিক সাংবাদিকে প্ৰাণ হেৰুৱাইছে ইজৰাইলী সেনাৰ গুলীত। এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিৰ এক প্ৰতিবেদনত।

সাংবাদিকৰ অধিকাৰ ৰক্ষা কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ)ৰ মতে নিহত হোৱা ৫৪ জন সাংবাদিকৰ ভিতৰত ১৮ জন ইজৰাইলী বাহিনীয়ে হত্যা কৰিছে। বিশেষকৈ গাজা আৰু লেবাননক এই বছৰ সাংবাদিকসকলৰ বাবে আটাইতকৈ বিপজ্জনক অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। গাজাত ১৬ জন সাংবাদিক আৰু লেবাননত ২ জন সাংবাদিক নিহত হৈছে।

সাংবাদিক হত্যাৰ ক্ষেত্ৰত দ্বিতীয় স্থানতে আছে চুবুৰীয়া দেশ পাকিস্তান। তথ্য অনুসৰি, বিগত এটা বছৰত দেশখনত সাতজন সাংবাদিকক হত্যা কৰা হৈছে। আনহাতে মেক্সিকো আৰু বাংলাদেশত প্ৰাণ হেৰুৱাইছে ৫ জনকৈ সাংবাদিকে। অন্যহাতে বৰ্তমান সমগ্ৰ বিশ্বতে পণবন্দী কৰি ৰখা হৈছে ৫৫ গৰাকী সাংবাদিকক। ইয়াৰে ২৫জন সাংবাদিক বন্দী হৈ আছে ইছলামিক ষ্টেট (আই এছ) বা আন উগ্ৰপন্থী সংগঠনৰ হাতত।

ইয়াৰ উপৰিও বিশ্বৰ তিনিখন দেশ চীন, ম্যানমাৰ আৰু ইজৰাইলত সৰ্বাধিক সাংবাদিকক কাৰাগাৰত বন্দী কৰা হৈছে। চীনত ১২৪জন, ম্যানমাৰত ৬১জন আৰু ইজৰাইলত ৪১জন সাংবাদিকক আটক কৰি ৰখা হৈছে। লক্ষণীয় যে, শেহতীয়াকৈ প্ৰকাশিত এই তথ্যই স্পষ্ট কৰিছে যে সাংবাদিকসকলৰ জীৱন কেৱল পেছাদাৰী কৰ্তব্য পালন কৰাতকৈ এতিয়া যুদ্ধসদৃশ পৰিস্থিতিত পৰিণত হৈছে।

সাংবাদিক