/asomiyapratidin/media/media_files/2024/12/11/U58h3xb9jmPgAJtcquAB.jpg)
ডি়জিটেল ডেস্কঃ নতুন দিল্লীত বুধবাৰে কল্যাণ বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। দিল্লীৰ কনছটিটিউচন ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই জীৱনজোৰা সাধনা স্বীকৃতিৰ লগতে ৪ গৰাকী বঁটা বিজয়ী সাংবাদিকক বঁটা সমুহ প্ৰদান কৰে ৷
দিল্লীস্থ উত্তৰপূৱৰ সাংবাদিকসকলৰ মঞ্চ-- নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু সামাজিক সংস্থা মাই হোম ইণ্ডিয়াই যৌথভাবে বিশিষ্ট সাংবাদিক কিশোৰ চেৰামক প্ৰয়াত সাংবাদিক কল্যাণ বৰুৱাৰ নামত ২০২৪ চনৰ জীৱনজোৰা সাংবাদিকতা বঁটা প্ৰদান কৰে ৷ কোভিড-১৯ৰ ঢৌত ২০২১ চনৰ ১ মে’ত প্ৰাণ হেৰুৱা অসম ট্ৰfবিউন কাকতৰ দিল্লীস্থ বিশেষ প্ৰতিনিধি কল্যাণ বৰুৱাৰ সোঁৱৰণীত ২০২৪ চনৰ বাবে ছপা, ডিজিটেল,ফটোগ্ৰাফী আৰু বৈদ্যুতিন মাধ্যমৰ বাবে আবেদন কৰা সাংবাদিকসকলৰ জুৰীয়ে তিনি গৰাককী সাংবাদিকক নিৰ্বাচন কৰে ৷
ছপা মাধ্যম সাংবাদিকতাৰ বঁটা লাভ কৰে ফ্ৰিলান্সা সাংবাদিক মুবিনা আখটাৰে। বৈদ্যুতিন মাধ্যমৰ এই বঁটা প্ৰদান কৰা হয় প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰাক। ডিজিটেল মাধ্যম সাংবাদিকতাত এই বঁটা লাভ কৰে ইম্ফল ৰিভিউ অফ আৰ্টছ এণ্ড পলিটিকছৰ ডঃ ক্ষেত্ৰিমায়ুম চিত্ৰাবানু দেৱীয়ে। আনহাতে ছপা মাধ্যমত বিচাৰকৰ বিশেষ সন্মান আগবঢ়োৱা হয় আছাম ট্ৰিবিউন বাতৰি কাকতৰ ফাৰহানা আহমেদক।
আনহাতে ইণ্ডিয়া টুডে এন ইৰ অপৰমিতা দাসক ফ’টোগ্ৰাফীৰ বাবে বিচাৰকৰ বিশেষ সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী মাৰ্ঘেৰিটাৰ লগতে মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰ আৰু নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাও বঁটা বিজয়ী সাংবাদিকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰে ৷
অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত মন্ত্ৰী মাৰ্ঘেৰিটাকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে নিজা নিজা ভাষণত সাংবাদিকতাৰ জগতত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক দিল্লীৰ মজিয়াত দাঙি ধৰাৰ ক্ষেত্ৰত কল্যাণ বৰুৱাৰ অৱদানৰ কথা বিশেষভাবে স্মৰণ কৰে।
উল্লেখ্য যে কল্যাণ বৰুৱা সাংবাদিকতা বঁটাৰ জুৰী কমিটিৰ সদস্য সকল আছিল বিশিষ্ট চলচিত্ৰ পৰিচালক উৎপল বৰপুজাৰী, আকাশবাণীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী, বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰথী, জ্যেষ্ঠ সাংবাদিক সন্দীপ ফুকন আৰু আই আই এম চি আইজল কেম্পাছৰ সঞ্চালক অধ্যাপিকা শাস্বতী গোস্বামী ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা সকলো জুৰী সদস্যকো নৰ্থ ইষ্ট মিডিয়া ফৰাম আৰু মাই হ'ম ইণ্ডিয়াৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷