ডিজিটেল সংবাদ, গোলাঘাট: নুমলীগড়ৰ এটা চেটেলাইট চেনেলৰ সাংবাদিক ভৰত দাসক নিশা আক্ৰমণ এজন দুৰ্বৃত্তৰ। মৰঙিৰ ফলঙনিত নিশা সাংবাদিক ভৰত দাসক সুব্ৰত বৰা নামৰ এজন যুৱকে এখন মাৰুতি ভেনত আহি পথত আগভেটি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাই। ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলোৱাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ চেষ্টা চলাই ।
স্থানীয় ৰাইজৰ তৎপৰতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে সাংবাদিকজনৰ। সুব্ৰত বৰাই নিজকে এজন চোৰাং কাঠ মাফিয়াৰ সদস্য বুলি চিনাকি দিয়ে। ইয়াৰোপৰি বন্দুকেৰে গুলীয়াই মৰাৰ ভাবুকিও প্ৰদান কৰে। এই সম্পৰ্কত সাংবাদিক ভৰত দাসে বগীজান আৰক্ষী থানাত ১১ ডিচেম্বৰৰ নিশাই এক এজাহাৰ দাখিল কৰে।
উল্লেখযোগ্য যে প্ৰায় দুমাহৰ পূৰ্বে বীৰ লাচিত সেনাই মুৰফুলনী খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপতে দুখন কাঠ ভৰ্তি বাহন জব্দ কৰিছিল । উক্ত বাতৰি কেইবাজনো সাংবাদিকৰ লগতে ভৰত দাসেও প্ৰেৰণ কৰিছিল। সেইবাবেই ভৰত দাসক আক্ৰমণ কৰাৰ কথা আক্ৰমণৰ সময়তে সুব্ৰত বৰাই নিজ মুখে স্বীকাৰ কৰে বুলি জনাই সাংবাদিক ভৰত দাসে।
এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে গোলাঘাট জিলা সাংবাদিক সংস্থাই। দুৰ্বৃত্তক উপযুক্ত শাস্তি প্ৰদানৰো দাবী জনাইছে সাংবাদিক সংস্থাই।