/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যত সংঘটিত হৈছে সাংবাদিকক আক্ৰমণৰ ঘটনা । মহানগৰীৰ সিজুবাৰীত প্রতিদিন টাইমৰ সাংবাদিকক প্রহাৰ কৰে বিধায়কৰ গাড়ী চালকে ।
উল্লেখযোগ্য যে সাংবাদিক মৃণাল কুদ্দুছক প্রহাৰ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ গাড়ী চালকে । খাইৰুল নামৰ চালকজনে গুৰুলাগুৰুলকৈ প্রহাৰ কৰে সাংবাদিক মৃণালক ।
গাড়ী পাৰ্কিঙক লৈয়ে দুয়োৰে মাজত সৃষ্টি হৈছিল তৰ্কাতৰ্কি । তৰ্কাতৰ্কিৰ মাজতেই খাইৰুলে উপৰ্যুপৰি প্রহাৰ কৰে মৃণাল কুদ্দুছক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us