/asomiyapratidin/media/media_files/2024/12/10/mX14ilTNhEQuoYzsm1Lt.jpg)
ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ ভাইবোৱাৰীয়েকক শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ অভিযোগত সোমবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ৰাতুল ডেকা নামৰ সাংবাদিক এজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে। ৰাতুল ডেকা গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত এটা ব্যক্তিগত চেনেলৰ সাংবাদিক।
ৰাতুল ডেকাৰ লগতে তেওঁৰ ভাতৃ সুৰজিৎ ডেকা, পিতৃ চন্দ্ৰধৰ ডেকা, মাতৃৰ লগতে আন এজন ভাতৃ বিপুল ডেকা, বিপুল ডেকাৰ পত্নীকে ধৰি পৰিয়ালটোৰ মুঠ ৮ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এজাহাৰত উল্লেখ কৰা অনুসৰি নিশা প্রায় ৯ বজাত ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ কোঠাত শুই থকা অৱস্থাত ৰাতুল ডেকাই তেওঁক বাহিৰৰ পৰা অশ্লীল গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে। এটা সময়ত ৰাতুল ডেকাই ভাইবোৱাৰীয়েকক আন অভিযুক্তসকলৰ লগ লাগি ঘৰৰ পৰা ওলাই যাব লাগে বুলি কৈ তেওঁ শুই থকা ঘৰৰ দৰ্জা ভাঙি ভিতৰলৈ সোমাই যায়।
ইয়াৰ পিছতে ভাইবোৱাৰীয়েকক শাৰীৰিক তথা মানসিকভাবে অত্যাচাৰ চলোৱাৰ অভিযোগ অভিযুক্তকেইগৰাকীৰ বিৰুদ্ধে । আনকি স্বামী সুৰজিৎ ডেকাই ৰাতুল ডেকাৰ সহযোগত কৰা প্ৰহাৰত মহিলাগৰাকীৰ হাত এখন ভাঙি যায়। পিচত ভুক্তভোগী মহিলাৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া আহি তেওঁক উদ্ধাৰ কৰি বাইহাটা চাৰিআলি থানাত খবৰ দিয়ে।
আৰক্ষীয়ে সাংবাদিক ৰাতুল ডেকাক গ্রেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্রেৰণ কৰে । আনহাতে ভুক্তভেগী মহিলাৰ স্বামী সুৰজিৎ ডেকা আৰু সুৰজিত ডেকাৰ আন এজন ভাতৃ বিপুল ডেকা পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে । আনহাতে এই ঘটনাটোৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ কৰিছে সাংবাদিক ৰাতুল ডেকাৰ পত্নীয়ে। অভিযোগকাৰী বোৱাৰীয়েক গৰাকীৰ বিৰুদ্ধেও ৰাতুল ডেকাৰ মাতৃয়ে এখন এজাহাৰ দাখিল কৰে ।