Advertisment

যোৰহাটত ঘোচ লৈ আটক কেন্দ্রীয় খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহকাৰী অভিযন্তা

ঘোচ লোৱাৰ অভিযোগত আটক হৈছে যোৰহাটৰ শিৱ প্রসাদ শইকীয়া নামৰ সহকাৰী অভিযন্তাগৰাকী। এমজিএনৰেগাৰ বিল মোকলাই দিয়াৰ নামত শিৱ প্রসাদ শইকীয়াৰ বিৰুদ্ধে ১৫ হাজাৰ টকা উৎকোচ লোৱা অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল সংবাদ,যোৰহাটঃ  বুধবাৰে যোৰহাটত মুখ্যমন্ত্রীৰ তদাৰকী কোষে অভিযান চলায়। এই অভিযানত আটক হয় কেন্দ্রীয় খণ্ড উন্নয়ন কাৰ্যালয়ৰ এগৰাকী সহকাৰী অভিযন্তা। 

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, ঘোচ লৈ আটক হয় শিৱ প্রসাদ শইকীয়া নামৰ সহকাৰী অভিযন্তাগৰাকী। উল্লেখ্য যে, এমজিএনৰেগাৰ বিল মোকলাই দিয়াৰ নামত শিৱ প্রসাদ শইকীয়াৰ বিৰুদ্ধে ১৫ হাজাৰ টকা উৎকোচ লোৱা অভিযোগ উত্থাপন হৈছে। 

যোৰহাট