/asomiyapratidin/media/media_files/2025/02/10/DiaUsU1UD210H19pzSoL.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ অসম সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা কালাৰিপায়াট্ৰু সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক প্ৰাপ্তক বিশেষ অভিনন্দন অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয়।
উদযাপন সমিতিৰ সভাপতি ৰাতুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ লগতে অসম সেনা, অসম সত্ৰ মহাসভা, মৰিয়নি টাইকোৱাণ্ড সন্থাৰ বিষয়ববীয়াই।
ইয়াৰ উপৰিও যোৰহাটৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত বিশ্বৰ আটাইতকৈ পুৰণি সমৰ কলা ৰূপে খ্যাত কালাৰিপায়াট্ৰুত ৰূপৰ পদক লাভ কৰা যোৰহাট জিলাৰ তিতাবৰৰ আছিকুৰ ৰহমানক ৰাজহুৱা সম্বধৰ্না জনায়।
এই অনুষ্ঠানত চতুৰ্থ খেল ইণ্ডিয়াত বঁটাপ্ৰাপ্ত মধু শৰ্মা, মূখ্য প্ৰশিক্ষক মৃনাল শইকীয়াৰ লগতে পুনৰ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ কৰিবলৈ সুযোগ লাভ কৰা কেইবাজনো খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us