যোৰহাটত ৭ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ১৫ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ...

যোৰহাটত ৭ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ১৫ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ...

author-image
asomiyapratidin
New Update
যোৰহাটত ৭ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ১৫ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ...

ডিজিটেল সংবাদ, যোৰহাটঃ ফুটবল খেলুৱৈৰ সকলৰ লগতে ফুটবল প্ৰেমী তথা ক্রীড়ানুৰাগী সকলৰ বাবে এটি সু-খবৰ। সুদীৰ্ঘ চল্লিশ বছৰৰ পাছত যোৰহাটত অনুষ্ঠিত হ’ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা। আৰু মাজত মাত্ৰ পাঁচটা দিন বাকী তাৰ পাছতেই যোৰহাটত উপভোগ কৰিব পাৰিব মুঠ ৩১খনকৈ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ খেল।

Advertisment

সৰ্বভাৰতীয় ফুটবল সন্থাৰ দ্বাৰা আয়োজিত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অহা ৭ ছেপ্টেম্বৰৰ পৰা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ প্রতিযোগিতা। প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ ১৭খন ৰাজ্যৰ পৰা ১৭টা ফুটবল দলে যোগদান কৰিছে।

৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত যোগদান কৰা দল সমূহ হৈছে ক্ৰমে অন্ধপ্ৰদেশ, তেলেংগানা, লক্ষ্যদ্বীপ, পণ্ডীচেৰী, ছতীশগড়, জম্মু-কাশ্মীৰ, ৰাজস্থান, মধ্যপ্ৰদেশ, হাৰিয়ানা, আন্দামান নিকুবৰ, হিমাচলপ্ৰদেশ, ত্ৰিপুৰা, চিকিম, অসম, উত্তৰাখণ্ড, তামিলনাডু আৰু ছণ্ডীগড় দলে। ৭ ছেপ্টেম্বৰ দিনা বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখল খেলিব লক্ষ্যদ্বীপ আৰু তেলেংগানাৰ মাজত আৰু প্ৰতিযোগিতাখন উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে লগতে উপস্থিত থাকিব অসম ফুটবল সন্থাৰ সভাপতি নৱ দলে।

প্ৰতিযোগিতাখনৰ পাৰম্ভিক পৰ্যায়ত লীগৰ খেল সমূহ মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে উদ্বোধনী আৰু ছেমিফাইনেল, ফাইনেল খেলসমূহ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰতিযোগিতাখন সকলে দিশৰ পৰা সফলতাৰ বাবে প্ৰতিযোগিতাখনৰ ১৫খনকৈ উপ-সমিতিয়ে ব্যাপক ভাৱে প্ৰস্তুতি চলাই থকাৰ লগতে প্ৰতিযোগিতালৈ বিভিন্ন ৰাজ্যৰ পৰা আহিব লগা প্ৰায় ৫শ প্ৰতিনিধিক থকা-খোৱাৰ সু-ব্যৱস্থাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি সন্থাৰ পৰা জানিব পৰা গৈছে।

যোৰহাট