/asomiyapratidin/media/media_files/2024/12/01/SDytK548sDgUvTNQNwED.jpg)
ডিজিটেল সংবাদ, যোৰহাট : যোৰহাটস্থিত চাৰিগাঁও কলা মন্দিৰ প্ৰাংগনত এচ’চিয়েচন অৱ ব’ডি বিল্ডাৰচ্ যোৰহাটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অনুষ্ঠিত ৪০ সংখ্যক যোৰহাট জিলা আন্তঃক্লাব শৰীৰ চৰ্চা প্রতিযোগিতাখনি সফলতাৰে সামৰণি পৰিছে। শনিবাৰে নিশা সামৰণি পৰা প্ৰতিযোগিতাখনত মেন গ্ৰুপৰ ৪০-৫০ কেজি শাখাত প্ৰথম স্থান লাভ কৰে দ্বীপু দত্তই।
একেদৰে ৫০ কেজি ওপৰৰ শাখাত প্ৰথম স্থান লাভ কৰে দেৱজিৎ শইকীয়াই লগতে উক্ত গ্ৰুপত চেম্পিয়ন অৱ চেম্পিয়ন হয় দ্বীপু দত্ত। অ’মেন বডি বিল্ডাৰচ্ প্ৰতিযোগিতাত প্ৰথম স্থানৰ লগতে চেম্পিয়ন অৱ চেম্পিয়ন খিতাপো লাভ কৰে টুনমী কাশ্যপে।
প্রতিযোগিতাখনত মেন ফিজিক প্ৰতিযোগিতাত ১৬০ চি এমত প্ৰথম স্থান লাভ কৰে অমৰ জ্যোতি দাসে। ১৬৫ চি এমত প্ৰথম স্থান লাভ কৰে ৱাছিম আখটাৰে। একেদৰে ১৭০ চি এমত প্ৰথম স্থান লাভ কৰে কৃষাণ জ্যোতি শইকীয়াই আৰু ১৬০ চি এম ওপৰৰ শাখাত প্ৰথম স্থান লাভ কৰে চিবাচিষ দাসে লগতে উক্ত গ্ৰুপত চেম্পিয়ন অব চেম্পিয়ন হয় কৃষাণ জ্যোতি শইকীয়াই।
আনহাতে জুনিয়ৰ গ্ৰুপত ৫৫ কেজি শাখাত প্ৰথম স্থান লাভ কৰে মমিন দাস, ৬০ কেজি শাখাত প্ৰথম স্থান লাভ কৰে জীৱন জ্যোতি দাসে আৰু ৭০ কেজি শাখাত প্ৰথম স্থান লাভ কৰে কুনাল পাচোৱানে লগতে উক্ত গ্ৰুপত চেম্পিয়ন অব চেম্পিয়ন খিতাপ লাভ কৰে কুনাল পাচোৱানে। ছিনিয়ৰ গ্ৰুপত ৫৫ কেজি শাখাত প্ৰথম স্থান লাভ কৰে বুদ্ধেশ্বৰ মাঝিয়ে। একেদৰে ৬০ কেজি শাখাত প্ৰথম স্থান লাভ কৰে অনুপ কুমাৰ নৰহে, ৭০ কেজি শাখাত প্ৰথম স্থান লাভ কৰে অচ্যুত দত্তই লগতে উক্ত গ্ৰুপত চেম্পিয়ন অব চেম্পিয়ন খিতাপ অৰ্জন কৰে অচ্যুত দত্তই।