/asomiyapratidin/media/media_files/2026/01/23/1-2026-01-23-13-40-08.jpg)
ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা। গুৱাহাটীৰ ডকাইতিৰ চাঞ্চল্য মাৰ নৌযাওতে যোৰহাটত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
ঘটনা বিৱৰণি মতে, ৰাজীৱ দত্ত নামৰ এজন ৰুগীয়া জ্যেষ্ঠ ব্যক্তিয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত যোৰহাট চোলাধৰা মধুবনৰ সমীপৰ পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত পূৰ্বৰে পৰা খাপ পিটি থকা এজন যুৱকে প্ৰথমতে গোলাঘাটলৈ যাবৰ বাবে তেওঁক পইচা বিচাৰে।পৰৱৰ্তী সময়ত যুৱকজনে ব্যক্তিজনক পথত বগৰাই পকেটত থকা ধন লৈ উধাও হয়। তাৰ পাছতে এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হয়। ইপিনে এই সমস্ত ডকাইতিৰ ঘটনা বন্দী হয় ওচৰতে থকা চি চি কেমেৰাত।
/asomiyapratidin/media/post_attachments/etvbharat/prod-images/23-01-2026/as-jorhatnewsfrom-bi-vi-pi-10050_22012026195811_2201f_1769092091_370-452172.jpg)
উল্লেখ্য যে, আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। এগৰাকী ৰুগীয়া ব্যক্তিক দিন দুপৰতে পথত বগৰাই অচিনাক্ত দুবৃৰ্ত্তই ডকাইতি কৰা বিষয়টোৱে এতিয়া যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us