শিশু সাহিত্যিক তিলো সোণোৱালক ৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ আমন্ত্ৰণ

২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ কেৰেলাৰ ক'জহিক'ডত ( পুৰণি নাম কালিকট, Calicut ) অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় সাহিত্য উৎসৱত তিলো সোণোৱালে সমল ব্যক্তি আৰু অতিথি হিচাবে উপস্থিত থাকিব।

author-image
Asomiya Pratidin
New Update
nk

ডিজিটেল সংবাদ, বেকাজানঃ  কেন্দ্ৰীয় চৰকাৰ আৰু কেৰেলা চৰকাৰৰঅনুসূচিত জাতি আৰু জনজাতি গৱেষণা আৰু উন্নয়ন সংস্থাই ( KIRTDAS ) যুটীয়াভাৱে আয়োজন কৰা ৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ অসমৰ শিশু সাহিত্যিক তিলো সোণোৱাল আমন্ত্ৰণ জনায়।

Advertisment

২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ কেৰেলাৰ ক'জহিক'ডত ( পুৰণি নাম কালিকট, Calicut ) অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় সাহিত্য উৎসৱত তিলো সোণোৱালে সমল ব্যক্তি আৰু অতিথি হিচাবে উপস্থিত থাকিব। অসমৰ কবি ডা০ নিৰঞ্জন দাসকো এই উৎসৱলৈ আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে। 

যোৰহাট