/asomiyapratidin/media/media_files/2026/01/23/whatsapp-ima-2026-01-23-10-34-05.jpeg)
ডিজিটেল ডেস্কঃ অসমৰ এক ঐতিহাসিক তথা পৰম্পৰাগত উৎসৱ হৈছে জোনবিল মেলা। এই মেলাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে মধ্য অসমৰ মৰিগাঁও জিলাৰ ভৈয়ামৰ লোকসকলৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পাহাৰত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে। অতীত কালত মুদ্ৰাৰ প্ৰৱৰ্তনৰ পূৰ্বে পণ্য দ্ৰৱ্যৰ বিনিময় হৈছিল বিনিময় প্ৰথাৰ জৰিয়তে। এই ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-imag-2026-01-23-10-31-56.jpeg)
পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে ভৈয়ামৰ লোকৰ সৈতে কৰিছে সামগ্ৰীৰ আদান-প্ৰদান ৷ বিনিময় প্ৰথাত অংশ লবলৈ জোনবিলৰ পাৰত একত্ৰিত হ'ল পাহাৰ-ভৈয়ামৰ হাজাৰ হাজাৰ লোক ৷ তিনিদিনীয়া এই মেলাৰ দ্বিতীয় দিনা পুৱাৰ পৰাই আৰম্ভ হয় পাহাৰ-ভৈয়ামৰ বিনিময়ৰ হাট।পুৱাৰে পৰা জোনবিলৰ পাৰ লোকে-লোকাৰণ্য হৈ পৰিছে। সকলোৱে ঐতিহাসিকভাৱে চলি অহা বিনিময় প্ৰথা পালন কৰিবলৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-image-2026-01-23-10-32-30.jpeg)
এক প্ৰকাৰে বিনিময় বজাৰেৰে জোনবিলৰ পাৰ জিলিকি উঠিছে। পাহাৰৰ মামা-মামীসকলৰ আলু কচুৰ সৈতে ভৈয়ামৰ মামা-মামীসকলৰ পিঠা, লাৰু, জলপানৰ আদান-প্ৰদান আৰম্ভ হৈছে ইতিমধ্যে। আধুনিক যুগৰ এই সময়তো বিনিময় প্ৰথা পৰম্পৰাগতভাৱে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে জোনবিলৰ পাৰত উপস্থিত পাহাৰ–ভৈয়ামৰ মামা–মামীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-imag-2026-01-23-10-32-52.jpeg)
উল্লেখ্য যে, জোনবিল মেলাৰ এই দ্বিতীয় দিনা উপস্থিত হয় বিধায়ক ৰমাকান্ত দেউৰী। উপস্থিত হৈ বিধায়কগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হয়। কেওঁ কয় যে- বিশ্ব দৰবাৰত কেৱল জাগীৰোডতেই বিনিময় প্ৰথা জীয়াই ৰখে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us