আজিৰে পৰা জাগীৰোডত আৰম্ভ ঐতিহাসিক জোনবিল মেলা

ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাঙ্গলিক পূজাঅৰ্চনাৰে আৰম্ভণি কৰে মেলাৰ ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ জাগীৰোডৰ জোনবিলৰ পাৰত  আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডত  আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাঙ্গলিক পূজাঅৰ্চনাৰে আৰম্ভণি কৰে মেলাৰ ৷ পৰম্পৰাগত নীতিনিয়ম অনুসৰি দেওশাল শিৱথানত  মাঙ্গলিক পূজা অৰ্চনা কৰাৰ লগতে গাভৰু আমৰ তলত কণী কাটি ৰজাৰ বা-বিষয়াই মঙলা চাই ৷ ইয়াৰ পাছতে মেলাথলীত অনুষ্ঠিত হয় নিৰ্ধাৰিত কাৰ্যসূচী সমূহ ৷ আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা, ২২গৰাকী তিৱা ৰজাক ৰাজ ভাট্টা প্ৰদান কৰিব  মুখ্যমন্ত্ৰীয়ে | Jonbeel Mela with a three-day programme from tomorrow,  known for its barter system ...

উল্লেখ্য যে, আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ লগতে তিৱা জাতীয় জীৱনৰ সৈতে জড়িত গৃহ মুকলি কৰে। পাহাৰৰ মামা-মামীসকল সামগ্রী বিনিময়ৰ বাবে মেলালৈ আহিব। ২৩ জানুৱাৰীৰ পুৱা ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হ'ব। তাৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত কৰিব। ইপিনে এই কাৰ্যসূচীৰ অংশ হিচাপে মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। ইয়াৰ লগতে তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব।

জোনবিল মেলা