জোনাইত অবৈধ কাঠভৰ্তি ১৬চকীয়া ট্ৰাক জব্দ টি এম‌ পি কেৰ...

সেউজীয়া পাহাৰ আৰু বনভূমিত নিৰ্বিচাৰে ধ্বংসযজ্ঞ চলাই অসম-অৰুণাচল প্ৰদেশত অব্যাহত আছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা

author-image
Asomiya Pratidin
New Update
gebbs

ডিজিটেল সংবাদ, জোনাইঃ সেউজীয়া পাহাৰ আৰু বনভূমিত নিৰ্বিচাৰে ধ্বংসযজ্ঞ চলাই অসম-অৰুণাচল প্ৰদেশত অব্যাহত আছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা জোনাইৰ ৰুকচিন চেগগেট হৈ নিশাৰ ভাগত ট্ৰাকে ট্ৰাকে অবৈধ কাঠ আজিও অসম তথা দেশৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠৰ মাফিয়াই নিৰ্বিঘ্নে সৰবৰাহ কৰি আহিছে।

Advertisment

ৰাজনৈতিক মদতপুষ্ঠ একাংশ ক্ষমতাশালী লোকে কোটি কোটি টকাৰ অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও বন বিভাগৰ কোনো কাণ সাৰ নাই। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সেউজীয়া গছ কটা বন্ধৰ লগতে নানা পদক্ষেপ লৈ আহিছে যদিও তেনে কোনো পদক্ষেপে অসম-অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰভাৱ পেলাব পৰা নাই৷

সংশ্লিষ্ট বিভাগৰ আঠকোণীয়া মনোভাৱ বিপৰীতে ৰাজনৈতিক আশিসপুষ্ট কাঠ মাফিয়াই নিৰ্বিঘ্নে অসম-অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰ তথা অৰণ্য তহিলং কৰি সীমান্তৱৰ্তী জোনাই-ৰুকচিন গেটহৈ কাঠ মাফিয়াই মুকলিকৈ চলাই গৈছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷

এইমাজতে মংগবাৰৰ নিশা অসম-অৰুণাচল  প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইৰ ৰুকচিনত বিশেষ সুত্ৰৰ পম খেদি মিচিং জাতীয় সংগঠন টি এম পি কেৰ‌ কৰ্মীয়ে অবৈধ কাঠভৰ্তি এখন ১৬ চকীয়া ট্ৰাক জব্দ কৰে। উল্লেখযোগ্য যে জোনাইত বিগত কেইবাদিনৰ পৰা টি এম‌ পি কেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

তেনে সময়তে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী ৰুকচিনত ড্ৰাগছৰ সন্ধানত থকা অৱস্থাত সন্দেহবশত আৰুণাচলৰ পৰা সন্ধিয়া  প্ৰায় ৭-৩০  বজাত এখন ট্ৰাকত অবৈধ চোৰাং কাঠ কঢ়িয়াই লৈ যোৱা গাড়ী এখন প্ৰত্যক্ষ কৰে।  লগে লগে গাড়ীখন ৰখাই নথি-পত্ৰ দেখুৱাবলৈ কয় যদিও চালকজনে একো নথি-পত্ৰ দেখুৱাব নোৱৰাত ছাত্ৰ  সংগঠন টি এম পি কেৰ কৰ্মীয়ে গাড়ীখন জব্দ কৰি জোনাই আঞ্চলিক বন বিভাগ খবৰ দিয়ে।  

দীৰ্ঘদিন ধৰি নথি-পত্ৰ অবিহনে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা জোনাই ৰুকচিন চেগগেট হৈ বৰগোহাঁই উপাধিৰ এজন দুৰন্ধৰ কাঠ মাফিয়াই কাঠৰ চিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে সংগঠনৰ কৰ্মীসকলে লগে লগে জোনাই আঞ্চলিক বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে সংগঠনটো।

বন বিভাগে চোৰাং কাঠ মাফিয়াক ৰক্ষণাবেক্ষণ তথা প্ৰশ্ৰয় দিয়াৰো অভিযোগ উত্থাপিত হৈছে।‌ ফলত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰ তথা বন বিভাগৰ উৰ্ধতন কতৃপক্ষক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় ছাত্ৰ সংগঠন টি এম পি কেই আহ্বান জনাইছে।

অভিযোগমতে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইৰ ৰুকচিন চেগগেট হৈ প্ৰতি মাহত ২০-২৫ খন ট্ৰাকেৰে চোৰাং কাঠ কাঠ মাফিয়া‌ চক্ৰই অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ‌ সৰবৰাহ কৰি বৃহৎ কাঠৰ চিণ্ডিকেট চলাই আহিছে।

এনেদৰে ৰমৰমীয়া কাঠৰ চিণ্ডিকেটৰ ফলত অসম-অৰুণাচল প্ৰদেশৰ পাহাৰ তথা অৰণ্যত অবাধে গছ কাটিবলগা হোৱাত তহিলং হৈ পৰিছে সেউজীয়া পাহাৰ আৰু বনভূমি।  ফলত জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱৰ লগতে বাৰিষাৰ দিনত পাহাৰৰ পৰা কলহৰ কাণে ধালা দি নামি অহা পানীৰ ঢলে নামনি অঞ্চলৰ ৰাইজৰ ঘৰ-বাৰী, কৃষিভূমি, সা-সুবিধা, পশুধন আদি বিস্তাৰ ক্ষয়-ক্ষতি বৃদ্ধি পাইছে।

তদুপৰি লাওলোৱা পাহাৰত বাৰিষাৰ দিনত ভূমিস্খলনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। যাৰ ফলত জনজীৱনৰ প্ৰভাৱিত হৈ জীৱ-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে।  হিমালয়ৰ পাদদেশত অৱস্থিত অসম-অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰ আৰু বনভূমি ৰক্ষা কৰিব নোৱাৰিলে ইয়াৰ কু-প্ৰভাৱৰ ভয়াবহতাৰ বৃদ্ধি পাই থাকিব। 

চিলাপথাৰ