/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b2e2fa19-a59a-4e2a-890a-b2af4d530d36/acs.jpg)
ACS
ডিজিটেল সংবাদ, জোনাইঃ সদ্য ঘোষিত অসম অসামৰিক সেৱা (এ চি এছ) পৰীক্ষাত ধেমাজিৰ জোনাই মহকুমাৰ দুই শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেঁওলোক হৈছে দীপ্তিমণি টায় আৰু পুষ্পাংকৰ পাটিৰ। এই শিক্ষাৰ্থী দুগৰাকীৰ সাফল্যই অঞ্চলটোত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ঘোষিত ফলাফল মতে ১২১ গৰাকীয়ে এ চি এছ হিচাপে উত্তীৰ্ণ হৈছে। ইয়াৰে জোনাইৰ মধ্যপুৰ গাঁৱৰ দীপ্তিমণি টায়েই ১০৫ নম্বৰ ৰেংক আৰু লক্ষী নেপালী তিনিআলিৰ পুষ্পাংকৰ পাটিৰে ১০৭ নম্বৰ ৰেংক লাভ কৰি অসম অসামৰিক সেৱাৰ চাকৰি পাবলৈ সক্ষম হৈছে।