আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সন্দৰ্ভত ৰাইজ মেল...

নৱ প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি বিজ্ঞান মনষ্কতা গঢ় দিয়াৰ ওপৰত গুৰুত্ব

author-image
Asomiya Pratidin
New Update
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত 
অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সন্দৰ্ভত ৰাইজ মেল...

jonai news

ডিজিটেল সংবাদ, জোনাইঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত আৰু ৰাজাখানা পঞ্চায়তৰ সহযোগত শনিবাৰে ৰাজাখানা হাইস্কুলত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ সন্দৰ্ভত এখন ৰাইজ মেল অনুষ্ঠিত কৰে।

Advertisment

ৰাজাখানা পঞ্চায়তৰ সভাপতি বীৰেণ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাইজ মেলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ সমন্বয়ক প্ৰদীপ কুমাৰ গগৈয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ সময়তো আমাৰ সমাজখন অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আৱৰি ৰখা বুলি উল্লেখ কৰি বিজ্ঞান মনষ্কতা সমাজ গঢ়াৰ বাবে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত গ্ৰহণ কৰি অহা বিভিন্ন সজাগতামূলক কাৰ্যসূচী সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

সভাত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মণি দাসে সংস্কাৰ জীৱনেহে মানুহৰ জীৱন সাৰ্থক কৰে বুলি উল্লেখ কৰি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ বাবে সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টা কামনা কৰে।

সভাত সাংবাদিক ৰয়েল পেগুৱে বিজ্ঞান মনষ্কতা সমাজ নিৰ্মাণৰ দ্বাৰাহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰিব বুলি উল্লেখ কৰি দেশৰ ভৱিষ্যত মানৱ সম্পদ স্বৰূপ নৱ প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি বিজ্ঞান মনষ্কতা গঢ় দিয়াৰ ওপৰত গুৰুত্ব দি বক্তব্য প্ৰদান কৰে।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰান্তিকা শৰ্মাই অনগ্ৰসতা, শিক্ষা, আধুনিক চিকিৎসাৰ পোহৰ কমকৈ প্ৰভাৱ পৰা সমাজৰ মাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ প্ৰভাৱ অধিক বুলি উল্লেখ কৰি সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ বাবে মহিলাসকলক আগভাগ ল'বলৈ আহ্বান জনায়। স্বাস্থ্য বিভাগৰ এম পি ডব্লিউ নিত্যানন্দ টাইদে আজি চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰাৰ দিনটো অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বহবৰ্তী হৈ বহুতে আধুনিক চিকিৎসা গ্ৰহণ নকৰি নিজৰ জীৱন বিপন্ন কৰা বুলি মন্তব্য কৰে।

বিষয় শিক্ষক তোষেশ্বৰ আগৰৱালাই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নামত এচাম মানুহে বলি বিদান কৰাক তীব্ৰ সমালোচনা কৰি কাৰোবাৰ অন্ধ আকাংক্ষাৰ বাবে জীৱ বলি দিয়াৰ যুক্তি নাই বুলি মন্তব্য কৰে। তদুপৰি সভাত ৰাজাখানা পঞ্চায়তৰ কাউন্সিলৰ সৱিতা ইছলাৰী, প্ৰাক্তন কাউন্সিলৰ লুহিত বসুমতাৰী, পঞ্চায়ত সচিব নবীন চন্দ্ৰ দলে, বিশিষ্ট নাগৰিক টংকেশ্বৰ বৰগোহাঁই আদিৰ লগতে বহু নাগৰিক ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

assam jonai