জোনাইত জঘন্য কাণ্ড,ছাত্ৰীক ধৰ্ষণৰ চেষ্টা গাঁও প্ৰধানৰ...

অৰুণাচল প্ৰদেশৰ ভিতৰুৱা পথেৰে নি ৰায়াং বস্তিৰ হাবিত বলৎকাৰৰ চেষ্টা
জোনাইত জঘন্য কাণ্ড,ছাত্ৰীক ধৰ্ষণৰ চেষ্টা গাঁও প্ৰধানৰ...

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ ছিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং মিলনপুৰৰ ৪৯ নং লাটৰ গাঁও প্ৰধান বিজয় দলেৰ এক জঘন্য কাণ্ডই জোনাই মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁও প্ৰধান বিজয় দলেয়ে প্ৰলোভনেৰে এজনী ছাত্ৰীক ধৰ্ষণৰ চেষ্টাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগমতে শনিবাৰে গাঁও প্ৰধান গৰাকীয়ে নিজ লাটৰ অন্তৰ্গত গালী ৰঙাজান গাঁৱৰ একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী এগৰাকীক ইনকাম চাৰ্টিফিকেট বনাই দিয়াৰ প্ৰলোভন দেখুৱাই বাইকত ৰঙাজানৰ পৰা জোনাইলৈ বুলি নিয়ে। কিন্তু লম্পট বিজয় দলেয়ে ছাত্ৰী গৰাকীক ৰাষ্ট্ৰীয় ঘাইপথেৰে জোনাইলৈ নিয়াৰ পৰিবৰ্তে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ভিতৰুৱা পথেৰে নি ৰায়াং বস্তিৰ হাবিত বলৎকাৰৰ চেষ্টা কৰে।

ফলত ছাত্ৰী গৰাকীৰ চিঞৰ বাখৰত স্থানীয় ৰাইজ আৰু সমীপৰ কৰ্তব্যৰত সৈন্য বাহিনীৰ জোৱানে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে। আনহাতে লম্পট দলেক কৰায়ত্ত কৰি ৰাইজে উত্তৰ মধ্যম দি ৰুকচিন আৰক্ষী থানাত গতাই দিয়ে।

ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে গাঁও প্ৰধান বিজয় দলেৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত পাচিঘাট মহিলা থানাত ভাৰতীয় দণ্ড বিধি আইনৰ 341/354/511 আৰু R/W- 8 Protection of children from sexual offences (Pocso) ধাৰাৰ অধীনত 23/2022 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।

এগৰাকী দায়িত্বশীল গাঁও প্ৰধানে এনেদৰে প্ৰলোভনেৰে এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱা জঘন্য কাণ্ডই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু লম্পট গাঁও প্ৰধান বিজয় দলেক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in