জোনাই ডেকাপামৰ শোভাৰানী সোণোৱালৰ সফলতা...

জোনাই ডেকাপামৰ শোভাৰানী সোণোৱালৰ সফলতা...

author-image
Asomiya Pratidin
New Update
জোনাই ডেকাপামৰ শোভাৰানী সোণোৱালৰ সফলতা...

ডিজিটেল সংবাজ, চিলাপথাৰঃ জোনাই ডেকাপামৰ উদয়পুৰ গাঁৱৰ নিবাসী এছ বি উপ পৰিদৰ্শক দুলাল সোনোৱাল আৰু নন্দিতা সোনোৱালৰ একমাত্ৰ কন্যা শোভাৰাণীয়ে এইবাৰ নীট'ত প্ৰথমবাৰ অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৫০৯ নম্বৰ পাই বাচনি লাভ কৰে।

Advertisment

মেধাৱী ছাত্ৰী গৰাকীৰ সফলতাত সন্তোষ প্ৰকাশ কৰি সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিয়ে কালি ঘৰলৈ গৈ মান পত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জনাই উৎসাহিত কৰিলে।

উল্লেখযোগ্য যে শোভাৰাণীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাতো আশানুৰূপ সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। অভিনন্দন অনুষ্ঠানত সমাজকৰ্মী তথা সাংবাদিক তুলন সোণোৱাল।

সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ধৰ্মেন সোনোৱাল, উপ সভাপতি শিৱ সোনোৱাল, ৰাজীৱ সোনোৱাল,সাধাৰণ সম্পাদক লখিন্দ্ৰ সোনোৱাল,শিক্ষা সম্পাদক হেমন্ত সোনোৱাল,উপদেষ্টা ভৰত সোনোৱাল,কাৰ্য্যালয় সম্পাদক মনোজ সোনোৱাল,ডেকাপাম আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সুশীল সোনোৱাল, সহকাৰী সাধাৰণ সম্পাদক গহীন সোনোৱাল,শিক্ষা সম্পাদক গৌৰৱ সোনোৱাল উপস্থিত থাকে।

জোনাই