/asomiyapratidin/media/media_files/2025/02/21/STLPCXLObHRj3qHb22C6.jpg)
মণিপুৰত ভাৰতীয় সেনা- অসম ৰাইফলছৰ যুটীয়া অভিযান
ডিজিটেল ডেস্ক : ভাৰতীয় সেনা বাহিনী, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ কেইবাটাও স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ। ১৯ আৰু ২০ ফেব্ৰুৱাৰীত চলা এই অভিযানতে ১৬জন কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলকেইটাই ৰাজ্যখনৰ কাকচিং, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, টেংনুপাল আৰু জিৰিবামৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰসমূহ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে চুবুৰীয়া ৰাজ্যখনৰ ফাদিঙ্গা, ইম্ফল পশ্চিম জিলা আৰু থৌবাল জিলাৰ ভোম্পা খুলেনত কেডাৰৰ উপস্থিতিৰ সম্ভেদ পোৱাৰ পিছত ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে ১৯ ফেব্ৰুৱাৰীত অভিযান চলোৱা আৰম্ভ কৰিছিল। এই অভিযানতে ৩জন কেডাৰক আটক কৰে।
তাৰ পাছতে তিনিওকে জেৰা চলোৱাত কয় যে, তেওঁলোক কে চি পি (পি ডব্লিউ জি)ৰ সদস্য। ইয়াৰ উপৰি উক্ত দিনটোতে অভিযানকাৰী দলে জব্দ কৰে এটা ইনচাছ, এটা স্নাইপাৰ আৰু এটা ১২ বেৰেল অস্ত্ৰ।
আনহাতে বিষ্ণুপুৰ জিলাৰ মইৰাঙত ২০ ফেব্ৰুৱাৰীত চলাই আন এক অভিযান। এই অভিযানত ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে গোলা-বাৰুদসহ ১৩ জন কেডাৰক আটক কৰিবলৈ সক্ষম হয়। এই ১৩গৰাকী কেডাৰকো জেৰা চলোৱাত কয় যে তেওঁলোক কে ৱাই কে এল গোটৰ সদস্য।
একেদৰে অভিযানকাৰী দলকেইটাই ইম্ফল পশ্চিম জিলাৰ কেইবাটাও স্থানত অভিযান চলাই এটা ৰাইফল, এটা স্নাইপাৰ ৰাইফল, দুটা ৯ এমএম পিষ্টল, এটা একক বেৰেল গান (এছ বি বি এল), গ্ৰেনেড, গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us