ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী...

গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত তৃণমূল কংগ্রেছ, আম আদমী পার্টী, কংগ্রেছ, বিজেপি, সমাজবাদী পার্টী, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও ৰাজনৈতিক দল তথা সংগঠনৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা কর্মীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
ৰাইজৰ দল

ডিজিটেল সংবাদ, গুৱাহাটী : মঙলবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত তৃণমূল কংগ্রেছ, আম আদমী পার্টী, কংগ্রেছ, বিজেপি, সমাজবাদী পার্টী, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও ৰাজনৈতিক দল তথা সংগঠনৰ শীৰ্ষ পৰ্যায়ৰ নেতা তথা কর্মীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Advertisment

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তথা দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত যোগদান কৰে তৃণমূল কংগ্ৰেছ, অসমৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক কার্যনির্বাহক সদস্য কিশোৰ কুমাৰ দাস, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্রাক্তন এআইইউডিএফৰ নেতা ড০ আলী হুছেইনে। একেদৰে অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ জনজাতি কোষৰ ৰাজ্যিক উপ-সভাপতি ড০ গৌৰীশংকৰ শৰণীয়া, সমাজবাদী পার্টীৰ অসমৰ মহিলা গোটৰ ৰাজ্যিক সভানেত্রী নীলাক্ষী কাকতি, আপ যুৱ শক্তিৰ ৰাজ্যিক উপ সভাপতি অপূৰ্ব বৰুৱা, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্র প্রকাশ বৰুৱাকে ধৰি কেইবাটাও দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে ডেৰ শতাধিক নেতাই ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্রকাশ কৰি ৰাইজৰ দলত যোগদান কৰে।

ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী

ৰাইজৰ দলত যোগদান কৰি জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে অখিল গগৈক যুঁজাৰু আখ্যা প্রদান কৰি ২০৩১ চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ দলৰ নেতা অখিল গগৈ হোৱাটোৱেই বিচাৰে বুলি উল্লেখ কৰে। ভৱিষ্যতে ৰাইজৰ দলক ব্যাপক ৰূপত অসমৰ এক অন্যতম আঞ্চলিকতাবাদী দল হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত দলৰ হৈ সেৱা আগবঢ়াবলৈ নেতাগৰাকীৰ সৈতে যোগদান কৰা প্ৰায় ডেৰ শতাধিক নেতা-কর্মীৰ প্রতি আহ্বান জনায়।

আনহাতে অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ জনজাতি কোষৰ ৰাজ্যিক উপ-সভাপতি ড০ গৌৰীশংকৰ শৰণীয়াই ভূমি অধিকাৰৰ প্রসংগ দাঙি ধৰি কয় যে দীর্ঘদিন ধৰি অখিল গগৈ এই সংগ্ৰামৰ সৈতে প্রত্যক্ষভাৱে জড়িত। গতিকে আগন্তুক দিনত ৰাইজৰ দলৰ হৈ ৰাজ্যৰ লগতে বিটিআৰ এলেকাত ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ দলীয়ভাৱে প্রচেষ্টা হাতত ল'ব বুলি দোহাৰে।

ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী

সমাজবাদী পাৰ্টীৰ অসমৰ মহিলা গোটৰ ৰাজ্যিক সভানেত্রী নীলাক্ষী কাকতিয়ে ভাষণ প্রসংগত কয় যে আজিৰ পৰা ৰাইজৰ দলৰ হৈ তেওঁৰ ওপৰত ন্যস্ত সকলো দায়িত্ব পালন কৰিবলৈ তেওঁ দলীয়ভাৱে দায়বদ্ধ থাকিব। বীৰ লাচিত সেনাৰ পৰা দলত যোগদান কৰা ৰাজ্যিক মুখপাত্র প্রকাশ বৰুৱাই কয় যে অখিল গগৈৰ দৰে ব্যতিক্রমী চিন্তা আৰু প্ৰকৃত জাতীয় চেতনাৰে উদ্বুদ্ধ এজন নেতাৰ হাততহে অসম সুৰক্ষিত আৰু তেওঁৰ নেতৃত্বতহে অসমৰ ৰাইজে ন্যায় পাব।

প্রায় ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত হোৱা এই যোগদান কাৰ্যসূচীত দলটোৰ সভাপতি অখিল গগৈয়ে নতুনকৈ যোগদান কৰা সকলোৰে হাতত এখন এখনকৈ দলীয় সংবিধান আৰু ৰাইজৰ দলৰ দ্বাৰা প্ৰকাশ হোৱা 'অসমৰ জাতীয় কর্মসূচী'ৰ একোখনকৈ হাতপুথি প্রদান কৰে। তেওঁ কয় যে ৰাইজৰ দল আঞ্চলিক দল নহয়, ই এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল। ৰাইজৰ দলে সদায় যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত বিশ্বাসী। বিজেপিয়ে বিচৰাৰ দৰে এক দল এক শাসন ব্যৱস্থাৰ বিপৰীতে ৰাজ্যসমূহৰ বিশেষ অধিকাৰ কাঢ়ি অনাৰ স্বাৰ্থত আগন্তুক দিনত যুঁজিব লাগিব বুলি সকলো নৱাগতক আহ্বান জনায় অখিল গগৈয়ে। এই প্রসংগত তেওঁ নাগালেণ্ড, মিজোৰামৰ বিশেষ অধিকাৰৰ কথা উল্লেখ কৰে। 

ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী

উল্লেখযোগ্য যে, আজিৰ এই কাৰ্যসূচীত আজিৰ ৰাইজৰ দলত সমাজবাদী পাটিৰ ৰাজ্যিক সমিতিৰ উপ সভানেত্রী বিনিতা কলিতা ৰয়, অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আৰু সংখ্যালঘু কোষৰ তত্বাৱধায়ক জাকিৰ হুছেইন, অসম তৃণমূল কংগ্ৰেছৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি হেমন্ত কুমাৰ দাস, অসম যুৱ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি নিলোৎপল শর্মা, অসম যুৱ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছামশ্বেৰ আলি, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু কোষৰ সম্পাদক ফিৰোজ আহমেদ, অসম মহিলা তৃণমূল কংগ্ৰেছৰ সম্পাদিকা নীলিমা বেগম, আপ যুৱ শক্তিৰ ৰাজ্যিক মুখপাত্র মঃ ছাকিল আহমেদ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ মানসজ্যোতি আৰান্ধৰা, সমাজবাদী পাৰ্টিৰ ৰাণু কলিতা, সৰস্বতী ছেত্রী, সমাজকর্মী উৎপলা দাস, পলি বড়োকে ধৰি ডেৰ শতাধিক কর্মীয়ে যোগদান কৰে।

অখিল গগৈ ৰাইজৰ দল