ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই শনিবাৰে তিনিচুকীয়া জিলাৰ দুটাকৈ স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ দুয়োটা স্থানৰ এই কাৰ্যসূচীত মুঠ ৩৮৪ গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।
আজি তিনিচুকীয়া জিলাৰ লেজেইহুল গাঁও আৰু মাকুমৰ হাপজান অংগনবাদী কেন্দ্ৰত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। লেজেইহুল গাঁৱত ১৯২ টা স্বাহতম কিট বিতৰণ কৰাৰ উপৰি পৃথককৈ মাকুমৰ হাপজান অংগনবাদী কেন্দ্ৰতো ১৯২ গৰাকীৰ মাজত বিতৰণ কৰা হয় স্বাহতম কিট ।
লেজেইহুল গাঁৱৰ গুইজান অংগনবাদী কেন্দ্ৰত পৰ্যবেক্ষক হিচাপে ৰাখী বৰ্মণ উপস্থিত থকাৰ লগতে মাকুমৰ হাপজান অংগনবাদী কেন্দ্ৰত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে দেৱাশীষ ডেকা ।