Advertisment

কোকৰাঝাৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
kakrajhar

kakrajhar

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই কোকৰাঝাৰ জিলাৰ দুটাকৈ স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ দুয়োটা স্থানৰ এই কাৰ্যসূচীত মুঠ ৩৮৪ গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।

Advertisment

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ আই চি ডি এছ আৰু উত্তৰ পথাৰঘাট অংগনবাদী কেন্দ্ৰত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে শিশু প্ৰকল্প বিষয়া জিণ্টু ফুকন।

kokrajhar