Advertisment

ডিব্ৰুগড়ত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
Johnson

Johnson

ডিজিটেল ডেস্কঃ  অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই ২০ ডিচেম্বৰ, ২০২৪ শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ দুটা স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ দুটা স্থানৰ ভিতৰত লেপেটকাটা গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰ আৰু বকপাৰাত আয়োজিত এই কাৰ্যসূচীত কেইবাগৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।

Advertisment
Johnson
Johnson

 

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। আজিৰ Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।

Johnson
Johnson

 

আজি জিলাখনৰ লেপেটকাটা গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ কাৰ্যসূচীত ১৯২ গৰাকীৰ মাজত স্বাগতম কিট বিতৰণ কৰা হয়। কাৰ্যসূচীত উপস্থিত থাকে শিশু প্ৰকল্প বিষয়া সুদৰ্শন শ্ৰাই। লগতে এচলিন বুঢ়াগোহাঁন আৰু মনশ্ৰী গগৈ উপস্থিত থাকে।  

Johnson
Johnson

 

একেদৰে আনটি কেন্দ্ৰ বকপাৰাতো এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। বকপাৰাত উপস্থিত থাকে জোনালী বৰুৱা খাউণ্ড। এই কেন্দ্ৰটিটো ১৯২গৰাকীৰ মাজত স্বাগতম কিট বিতৰণ কৰা হয়।

Johnson's