ভাৰতত ক'কাকোলাৰ ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা জন মাৰ্ফীৰ

জন মাৰ্ফীয়ে কয় যে, ভাৰতৰ অর্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ প্রচেষ্টা অব্যাহত থাকিব ৷ সেয়ে বিপণন বৃদ্ধিৰ বাবে ক'কাকোলাই সমগ্ৰ ভাৰততে বটলিং অংশীদাৰসকলৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হৈছে।

author-image
Asomiya Pratidin
New Update
িুিিু

ডিজিটেল ডেস্কঃ  মুদ্ৰাস্ফীতি বৃদ্ধি আৰু অৰ্থনীতিৰ গতি মন্থৰ হোৱাৰ পিছতো ভাৰতত নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ পৰিকল্পনা কৰিছে ক'কাকোলাই। কোম্পানীটোৰ অধ্যক্ষ তথা মুখ্য বিত্তীয় বিষয়া জন মাৰ্ফীয়ে কয় যে, ভাৰতত বৃদ্ধি পোৱা প্ৰতিযোগিতাই কোম্পানীটোক প্ৰাসংগিক হৈ থাকিবলৈ আৰু নতুন বিনিয়োগ কৌশলৰ সৈতে খাপ খুৱাই ৰখাত সহায় কৰে।

অৰ্থনীতিৰ উত্থান-পতন হৈ থাকে। যদি আপুনি অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, তেন্তে মই ভাবো আপুনি বিপদত পৰিব। লগতে মাৰ্ফীয়ে কয় যে, ভাৰতৰ অর্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ প্রচেষ্টা অব্যাহত থাকিব ৷ সেয়ে বিপণন বৃদ্ধিৰ বাবে ক'কাকোলাই সমগ্ৰ ভাৰততে বটলিং অংশীদাৰসকলৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হৈছে।

মাৰ্ফীয়ে লগতে কয় যে, বিপণনৰ মান উন্নত কৰা আৰু গ্ৰাম্যাঞ্চলত উপলব্ধতা বৃদ্ধিৰ বাবে শক্তিশালী অৰ্থনীতিৰ প্ৰয়োজন নাই। ভাৰতৰ বিকশিত খুচুৰা বজাৰৰ কথা উল্লেখ কৰে মাৰ্ফীয়ে, য’ত দ্ৰুত হাৰত ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিছে।

মাৰ্ফীয়ে উল্লেখ কৰে যে ক'কাকোলাই ভেণ্ডিং স্থান আৰু অন্যান্য খুচুৰা ফ্ৰণ্টত সুযোগ বিচাৰিছে। ভাৰতত প্ৰিমিয়াম ছেগমেণ্টৰ ভিতৰত অধিক শিতানত প্ৰৱেশ কৰাৰ কথাও কোম্পানীয়ে চিন্তা কৰিছে।

ক'কাকোলা