ইণ্ডিয়ান অইলৰ চাৰ্ভো ৪টি এক্সট্ৰাৰ প্ৰচাৰৰ বাবে সংগী হিচাপে বাছনি জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম

ইণ্ডিয়ান অইলৰ চাৰ্ভো ৪টি এক্সট্ৰাৰ প্ৰচাৰৰ বাবে সংগী হিচাপে বাছনি জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম

ডিজিটেল ডেস্ক :  ইণ্ডিয়ান অইলৰ চাৰ্ভোৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ মাজতেই দেশৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক জাক-জমকতাপূৰ্ণ অনুষ্ঠানত মটৰ বাইকৰ বাবে বিশেষ ভাৱে প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো ৪টি এক্সট্ৰা লুব্ৰিকেন্ট মুকলি কৰে | ইয়াৰ উপৰিও, অভিনেতাজনক চাৰ্ভো ৪টি এক্সট্ৰাৰ প্ৰচাৰৰ বাবেও সংগী হিচাপে বাচনি কৰা হয় |

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীযুত এছএম বৈদ্যই কয়, ‘"লাখ লাখ ভাৰতীয়ৰ হৃদয়ত চাৰ্ভোৰ বিশেষ স্থান আছে আৰু সেয়েহে, এই ঘৰুৱা-উৎপাদিত ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে জন আব্ৰাহাম স্বাভাৱিকতেই আমাৰ প্ৰথম পছন্দ আছিল। মই এইটো জনাবলৈ পাই সুখী যে বজাৰত উপলব্ধ এটি আগশাৰীৰ ব্ৰেণ্ড হিচাপে চাৰ্ভোৱে পৰিৱেশ অনুকূল আৰু বহনক্ষম লুব্ৰিকেটিং তেলেৰে বজাৰৰ পৰিৱৰ্তনশীলতাৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে, যিয়ে ভাৰতক এক সেউজ ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিছে।”

এই সন্দৰ্ভত, ইণ্ডিয়ান অইলৰ সঞ্চালক (মাৰ্কেটিং) শ্ৰীযুত ভি সতীশ কুমাৰে কয় যে “পৰিৱেশক প্ৰথম স্থান দিয়া ইন্ধন-সঞ্চয়ী লুব্ৰিকেণ্ট হিচাপে চাৰ্ভো ব্ৰেণ্ডক শক্তিশালী কৰি তোলাৰ বাবে আমাৰ কিছুমান অভিলাষী পৰিকল্পনা আছে বুলি জনাবলৈ পাই মই সুখী হৈছোঁ। আমাৰ চাৰ্ভো গ্ৰীণ লুব্ৰিকেণ্টসমূহৰ ৰেঞ্জে বহনক্ষম ভৱিষ্যতৰ প্ৰয়োজনীয়তাক সামৰি লয়। আমি বিএছ ছিক্স বাহনৰ বাবে প্ৰয়োজনীয় লুবৰ লগতে ইভি আৰু উইণ্ডমিলৰ বাবেও লুব্ৰিকেণ্ট বিকশিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ।"

চাৰ্ভো গ্ৰীণ বাস্কেটত চাৰ্ভো ৪টি গ্ৰীণ, চাৰ্ভো ট্ৰেক্টৰ গ্ৰীণ, চাৰ্ভো গ্ৰীণমাইল আৰু চাৰ্ভো ৰফ্‌টাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইণ্ডিয়ান অইলৰ ঘূৰ্ণায়মান অৰ্থনীতিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি আৰু হ্ৰাস- পুনৰ ব্যৱহাৰ- পুনঃপ্ৰস্তুতৰ ধাৰণাটোক পুনৰ দৃঢ় কৰি ৩০% পোষ্ট–কনজিউমাৰ ৰিচাইকেল্‌ড ৰেজিন (পিচিআৰ)যুক্ত পাত্ৰ প্ৰৱৰ্তন কৰা হৈছে।

উল্লেখ্য যে, ভাৰতৰ ১ নং লুব্ৰিকেণ্ট ব্ৰেণ্ড হিচাপে খ্যাত চাৰ্ভো  ১৯৭২ চনত ইণ্ডিয়ান অইলে মুকলি কৰিছিল। ফৰিদাবাদত অৱস্থিত, এছিয়াৰ আটাইতকৈ উন্নত প্ৰকল্প, ইণ্ডিয়ানঅইলৰ আৰ এণ্ড ডি চেণ্টাৰত প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো হৈছে পেট্ৰ'লিয়াম খণ্ডত চলোৱা ভাৰতৰ থলুৱা প্ৰচেষ্টাৰ প্ৰমাণ। কেইবাদশকজুৰি, চাৰ্ভোৱে ১০০০ সক্ৰিয় লুব্ৰিকেণ্ট গ্ৰেডৰ এক বিস্তৃত ৰেঞ্জ উৎপাদন আৰু বিপণন কৰিবলৈ সক্ষম হৈছে আৰু ৩৭ খন দেশত নিজৰ উপস্থিতিৰে এক আন্তঃৰাষ্ট্ৰীয় স্থান লাভ কৰিছে।

এটা ছুপাৰব্ৰেণ্ড হিচাপে চাৰ্ভোৱে প্ৰত্যাহ্বানহীনভাৱে প্ৰতিৰক্ষা, ৰেলৱে, পৰিবহণ, শক্তি, কয়লা, খনি, অটোম’বাইল আৰু তীখাকে ধৰি মূল উদ্যোগসমূহক সেৱা প্ৰদান কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in