সৰ্বস্বান্ত ৰাইজ ! গাঁঠিৰ ধন ব্যয় কৰি ব্ৰহ্মপুত্ৰক ভেটাৰ চেষ্টা ৰাইজৰ

জিলাখনৰ যোগীঘোপা অঞ্চলৰ মালেগড়ত ব্ৰহ্মপুত্ৰ,মানাহ আৰু বেকী তিনিখন নৈ মিলিত হোৱাত নদীৰ গতিবেগ বৃদ্ধি পায়। ফলত উক্ত অঞ্চলত খহনীয়াই তাণ্ডৱ চলায়। বিগত ৩বছৰ ধৰি নিৰবিচ্ছন্নভাৱে বহু পৰিয়ালৰ ভেটি-মাটি,ঘৰ-বাৰী, কৃষিভূমি উচন কৰিছে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,যোগীঘোপা:  বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় পঞ্চায়তৰ অন্তৰ্গত তিনিকোণীয়াত ব্ৰহ্মপুত্ৰ ,মানাহ আৰু বেকী নৈৰ খহনীয়া অব্যাহত থকাত বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ লৈছে নৈ-পৰীয়াই। চৰকাৰী আশা ভৰসা বাদ দি তিনিকোণীয়াৰ দুখন গাঁৱৰ শতাধিক ৰাইজে গাঁঠিৰ ধন ব্যয় কৰি বাঁহেৰে পাৰ্কপাইন নিৰ্মাণ কৰি নদীৰ খহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছে।

Advertisment

প্ৰাপ্ত  তথ্য মতে,  মালেগড়ৰ গোবিন্দপুৰত বিগত কেইবছৰ মান পূৰ্বে খহনীয়াই তাণ্ডৱ চলোৱাৰ পিছত পৰৱৰ্তী সময়ত পূৱ তিনিকোনীয়া আৰু পশ্চিম তিনিকোনীয়াত খহনীয়া অব্যাহত থকাত বহু পৰিয়ালৰ ঘৰবাৰী,ভেটিমাটি,কৃষিভমি উচন কৰি পেলাইছে।

উল্লেখ্য যে, জিলাখনৰ যোগীঘোপা অঞ্চলৰ মালেগড়ত ব্ৰহ্মপুত্ৰ,মানাহ আৰু বেকী তিনিখন নৈ মিলিত হোৱাত নদীৰ গতিবেগ বৃদ্ধি পায়। ফলত উক্ত অঞ্চলত খহনীয়াই তাণ্ডৱ চলায়।বিগত ৩ বছৰ ধৰি নিৰবিচ্ছন্নভাৱে বহু পৰিয়ালৰ ভেটি-মাটি,ঘৰ-বাৰী,কৃষিভূমি উচন কৰিছে।

সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ তিনিকোণীয়া প্ৰথম খণ্ড,দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড তিনিখনকৈ গাঁও খহনীয়াৰ কৱলত পৰাত প্ৰায় ৫ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী,ভেটি-মাটি,কৃষিভূমি নৈৰ বুকুত জাহ গৈছে।ইয়াৰে কিছু পৰিয়ালে আন ঠাইত ভূমি ক্ৰয় কৰি থিতাপি লোৱাৰ লগতে আন একাংশই সৰ্বস্ব হেৰুৱাই লামলাকটি লৈ আনৰ ঘৰত আশ্ৰয় ল'বলগা হৈছে।

উল্লেখ্য যে, বিগত ২০২২ বৰ্ষৰ ১২ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকাপ্তাৰেৰে আহি মালেগড়ত  অৱতৰণ কৰি খহনীয়া অঞ্চল পৰিদৰ্শন কৰি প্ৰতিৰোধ ব্যৱস্থাৰ বাবে আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছিল। লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বাবে গুৱাহাটী আই আই টিৰ সৈতে যোগাযোগ কৰাৰ কথা উল্লেখ কৰিছিল।

যদিও পৰৱৰ্তী সময়ত এইক্ষেত্ৰত কোনো ব্যৱস্থাই ন'ললে। আনকি অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসেও খহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়। ফলত খহনীয়া আগতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰি এফালৰ পৰা ঘৰ-বাৰী,কৃষিভূমি গ্ৰাস কৰিবলৈ লয় ।

বিগত কেইবাদিনৰ পৰা ৰাইজে নিজেই নদীৰ পানীত নামি বাঁহেৰে বান্ধ দিয়া কাৰ্য আৰম্ভ কৰিছে। হাতে কামে লাগি পৰিছে গঞা ৰাইজ। গাঁৱৰ ৰাইজে নিজেই টকা ব্যয় কৰাৰ লগতে আন লোকৰ পৰাও দান-বৰঙণি সংগ্ৰহ কৰি খহনীয়া ৰোধৰ কাম দিনে নিশাই কৰি আছে।

নতুনকৈ সৃষ্টি হোৱা সৃজন গ্ৰাম বিধানসভা সমষ্টিৰ নুৰুল ইছলাম নামৰ এগৰাকী কংগ্ৰেছী নেতাই কিছু আৰ্থিক সাহাৰ্য আগবঢ়াই ৰাইজৰ কাষত থিয় দিয়ে। বৰ্তমান সময়ত যদি চৰকাৰে মালেগড়ৰ খহনীয়াৰোধৰ চেষ্টা নকৰে তেন্তে অহা বাৰিষাত আৰু শতাধিক পৰিয়ালৰ ঘৰ বাৰী নৈৰ বুকুত জাহ যোৱাটো এক প্ৰকাৰ নিশ্চিত। 

ব্ৰহ্মপুত্ৰ