মথুৰাপুৰ উঃমাঃ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

আজি দুপৰীয়া শিক্ষানুষ্ঠানখনিত আয়োজিত উদ্বোধনী অনুষ্ঠানত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত অতিৰিক্ত চাৰিটাকৈ শ্ৰেণী কোঠা আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷

author-image
Asomiya Pratidin
New Update
মনৱ

ডিজিটেল সংবাদ,মথুৰাপুৰঃ   চৰাইদেউ জিলাৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত অতিৰিক্ত চাৰিটাকৈ শ্ৰেণী কোঠা আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷ আজি দুপৰীয়া শিক্ষানুষ্ঠানখনিত আয়োজিত
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা শিক্ষা বিষয়া বিন্তী শৰ্মা, খণ্ড শিক্ষা বিষয়া প্ৰণৱ গগৈ , প্ৰাক্তন অধ্যক্ষা ড° গীতিমণি  হাতীকাকতি,  ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱ শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শিক্ষক শিক্ষয়িত্ৰী। আজিৰ অনুষ্ঠানৰ পাছতে মন্ত্ৰীগৰাকীয়ে ইয়াৰ দ্বাৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট লাভান্বিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷

যোগেন মহন