/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0cdaec6b-dc09-4d11-8751-3599daf417ef/mancachar_14.jpg)
manchar 14
ডিজিটেল সংবাদ মানকাচৰঃ মানকাচৰত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি অজয় পালে এগৰাকী বিজেপি কৰ্মীক অংগনাবাদী কৰ্মীৰ চাকৰি দিয়াৰ নামত ১ লাখ টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং বিজেপি দলৰে আন এগৰাকী ভুক্তভূগী বিজেপি কৰ্মীয়ে। অভিযোগ মতে মানকাচৰৰ কালাপানীৰ ১৫২ নং অংগনাদাবী কেন্দ্ৰত নুৰ জাহান বেগম নামৰ মহিলাগৰাকী কৰ্মৰত আছিল।
কিন্তু নুৰ জাহান চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত কেন্দ্ৰটোত সহায়িকাৰ পদ খালী হৈ পৰে। জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি অজয় পালে উক্ত সহায়িকাৰ পদৰ চাকৰিটো বিজেপি কৰ্মীক দিয়াৰ নামত বদিয়ত জামান নামৰ লোকজনৰ পৰা ১ লাখ টকা লয়।
বিগত প্ৰায় ১ বছৰ পূৰ্বে চাকৰি দিয়াৰ নামত কিষাণ মৰ্চাৰ সভাপতি অজয় পালে উৎকোচ সংগ্ৰহ কৰে যদিও আজিলৈ চাকৰি দিব নোৱাৰিলে। ইফালে ইতিমধ্যে উক্ত পদত অন্য প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰিছে।
এই ঘটনাৰ পাছত ভুক্তভূগী বিজেপি কৰ্মী বদিয়ত জামান জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। অজয় পালে চাকৰি দিব নোৱাৰিলেও ধনখিনি উভতাই বিচাৰিছে যদিও বৰ্তমানে ধন ঘুৰাই দিয়াৰ নামত ভুক্তভূগী জনক হাৰাশাস্তি কৰি ঠগবাজি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাক লৈ ইতিমধ্যে কেবাটাও কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি অজয় পালে যে ভুক্তভূগীৰ পৰা ১ লাখ টকা উৎকোচ লৈছিল সেই কথা ভাইৰেল হৈ পৰা কল ৰেকৰ্ডিংৰ পৰা স্পষ্ট ভাবে প্ৰমানিত হৈ পৰিছে। আনহাতে ভুক্তভূগী জনে আইনৰ আশ্ৰয় ল'ব বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি এইগৰাকী অজয় পাল মানকাচৰৰ সুখচৰৰ টেংনামাৰীৰ গোশালাৰ সভাপতি। অজয় পালে গোশালাৰ নামত গৰু ছিণ্ডিকেট চলাই থকাৰো অভিযোগ দীৰ্ঘদিনীয়া।
কিছুদিন পূৰ্বে এটা টি ভি চেনেলৰ সাংবাদিকে ছিণ্ডিকেটৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অজয় পাল এণ্ড কোম্পানীৰ আক্ৰমণৰ বলি হবলগীয়া হৈছিল। ইমানৰ পাছতো ৰহস্যজনক ভাবে আৰক্ষীয়ে অজয় পালক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেওঁক ৰক্ষণাবেক্ষণহে দি অহা পৰিলক্ষিত হৈছে।
ৰাজ্যিক বিজেপিয়েও ঘটনাটো তদন্তৰ নামত ভেকোভাওনা কৰা পৰিলক্ষিত হয়। এনে পৰিস্থিতিৰ মাজত অজয় পালৰ এই কল ৰেকৰ্ডিং পোহৰলৈ অহাত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবনে ? ৰাজ্যিক বিজেপিৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহন কৰা হবনে ?