/asomiyapratidin/media/media_files/2025/07/02/ujjd-2025-07-02-09-06-21.jpg)
ডিজিটেল ডেস্কঃ ২০১৪ চনত ক্ষমতালৈ অহাৰ পূৰ্বে প্ৰতি বছৰে ২ কোটি সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে। বিগত এঘাৰ বছৰে মোদীৰ সেই প্ৰতিশ্ৰুতি পূৰণ নহ’লেও ভাৰতৰ নিয়োগ খণ্ডত এক বৃহৎ পদক্ষেপ ল’বলৈ ওলাইছে মোদী চৰকাৰে।
আগন্তুক দুবছৰত ৩.৫ কোটিৰো অধিক নতুন চাকৰিৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে এক ঐতিহাসিক প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। ‘নিয়োগ সংযুক্ত উদগনি - ই এল আই আঁচনি’ নামৰ এই পদক্ষেপৰ বাবে মুঠ ৯৯,৪৪৬ কোটি টকা আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় বাজেট ২০২৪-২৫ ত ঘোষণা কৰা এই আঁচনিখন নতুন শ্ৰমিক আৰু নিয়োগকৰ্তা উভয়কে উৎসাহিত কৰাৰ বাবে ৰচনা কৰা হৈছে।
ই এল আই আঁচনিৰ অধীনত আনুষ্ঠানিক কৰ্মশক্তিত নতুনকৈ প্ৰৱেশ কৰাসকলে বিশেষকৈ ১৫ হাজাৰ টকা পৰ্যন্ত মাহিলি দৰমহা লাভ কৰিব, যিটো দুটা কিস্তিত প্ৰদান কৰা হ’ব। প্ৰতিমাহে ১ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য হ’ব। ইফালে নিয়োগকৰ্তাসকলৰ বাবে এই আঁচনিখনে অতিৰিক্ত চাকৰি সৃষ্টিৰ বাবে উৎসাহিত কৰিছে।