"বয়কট তুৰ্কী"! পাকিস্তানক সমৰ্থন কৰি বিপদত তুৰস্ক...

ভাৰতত ক্ৰমাত তুৰস্কৰ বিৰুদ্ধে ক্ৰোধ বৃদ্ধি পাইছে। সামাজিক মাধ্যমত "বয়কট তুৰ্কী" ট্ৰেণ্ডিং হৈ আছে। দেশখনৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি ভাৰতে বাতিল কৰা লগতে ভাৰতীয় বৰ্জন কৰিছে তুৰ্কীৰ ফলো।

author-image
Asomiya Pratidin
New Update
new ap web 8 (2) তুৰ্কী

ডিজিটেল ডেস্কঃ  বিশ্বাসঘাটকতা কৰিছে তুৰ্কীয়ে। ২০২৩ চনত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছত ‘অপাৰেচন দোষ্ট’ৰ অধীনত সাহায্য সামগ্ৰী প্ৰেৰণ কৰি সহায় কৰা দেশখনে শেহতীয়া পৰিস্থিতিত পাকিস্তানক সমৰ্থন কৰিছে।

 অপাৰেচন সিন্দুৰৰ সময়ছোৱাত তুৰ্কীয়ে জাহাজ আৰু হাৰকিউলিছ বিমানৰ জৰিয়তে পাকিস্তানক সহায় আগবঢ়োৱাৰ বিষয়ে সৰ্বত্ৰে চৰ্চা চলিছে। ফলস্বৰূপে ভাৰতত ক্ৰমাত তুৰস্কৰ বিৰুদ্ধে ক্ৰোধ বৃদ্ধি পাইছে। সামাজিক মাধ্যমত "বয়কট তুৰ্কী" ট্ৰেণ্ডিং হৈ আছে। দেশখনৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি ভাৰতে বাতিল কৰা লগতে ভাৰতীয় বৰ্জন কৰিছে তুৰ্কীৰ ফলো।

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে পাকিস্তানক তুৰস্কই সমৰ্থন জনোৱাক লৈ ক্ষোভিত হৈ পৰিছে দেশবাসী। তুৰস্কৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে।

এক্স হেণ্ডেলত এটা পোষ্ট বিশ্ববিদ্যালয়খনে কয় যে, “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিবেচনাৰ বাবে” তুৰ্কীৰ বিশ্ববিদ্যালয়খনৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিখন স্থগিত ৰখা হৈছে। দেশৰ এই সময়ছোৱাত জে এন ইউ জাতিৰ সৈতে থিয় দিছে। ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত ৩ বছৰৰ বাবে এই চুক্তি স্বাক্ষৰিত হৈছিল। ২০২৮ চনৰ ২ ফেব্ৰুৱাৰীলৈকে এই চু ক্তিখনৰ সময়সীমা আছিল।

চুক্তি বাতিলৰ উপৰিও তুৰস্কৰ বিৰুদ্ধে ভাৰতে লোৱা অন্য কঠোৰ পদক্ষেপ সমূহ হৈছে-

  • তুৰ্কী আপেল বৰ্জন ভাৰতীয় ব্যৱসায়ীৰ।
  • ভাৰতীয়ৰ তুৰ্কী ভ্ৰমণ বৰ্জন।
  • তুৰ্কীৰ বিমান আৰু হোটেলৰ বুকিং বাতিল। মেক মাই ট্ৰিপৰ মতে, তুৰ্কী আৰু আজাৰবাইজানলৈ বুকিং ৬০% হ্ৰাস পাইছে। ২০২৪ চনত ভাৰতৰ পৰা ৩.৩ লাখ লোকে তুৰ্কী ভ্ৰমণ কৰিছিল। এই ভাৰতীয়সকলে তাত প্ৰায় ৩৫০ৰ পৰা ৪০ কোটি টকা খৰচ কৰিছিল। 
  • তুৰ্কী বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল জে এন ইউৰ। জে এন ইউত শিকোৱা নহ’ব তুৰ্কী ভাষা।
  • তুৰ্কী আপেল বিক্ৰী কৰা বন্ধ কৰিছে পুনেৰ ব্যৱসায়ীসকলে ।
  • ছাহিবাবাদ ফলৰ বজাৰৰ ব্যৱসায়ীসকলেও বৰ্জন কৰিছে তুৰ্কীৰ আপেল আৰু ফল।
  • উদয়পুৰৰ ব্যৱসায়ীসকলে তুৰস্কৰ পৰা মাৰ্বল আমদানি নকৰাৰ ঘোষণা।

লক্ষ্যণীয় যে, ভাৰতৰ প্ৰায় ৭০ শতাংশ মাৰ্বল তুৰ্কীৰ পৰা আমদানি কৰা হয়। যদি এই মাৰ্বলৰ আমদানি বন্ধ হৈ যায়, তেন্তে অৰ্থনীতিত ভয়ংকৰ ক্ষতি হ’ব তুৰস্কৰ।

পাকিস্তান সমৰ্থন তুৰস্ক