/asomiyapratidin/media/media_files/2025/04/12/kMVLkQgq1mKAtZ9nDOho.jpg)
অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্সৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰ গণ আন্দোলনে বিচ্ছিন্নতাবাদী সংগঠন অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্সৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে। ইয়াৰ লগে লগে হুৰিয়তৰ পৰা আঁতৰি থকা গোটৰ মুঠ সংখ্যা ১২টালৈ বৃদ্ধি পাইছে। ১৯৯৩ চনত গঠন হোৱা এ পি এইচ চি ২৬টা ৰাজনৈতিক, ধৰ্মীয় আৰু সামাজিক সংগঠনৰ সংঘবদ্ধ সংগঠন আছিল যিয়ে বিচ্ছিন্নতাবাদৰ পোষকতা কৰিছিল।
এক টুইটযোগে শ্বাহে উল্লেখ কৰে যে,‘মোডী চৰকাৰৰ অধীনত জম্মু-কাশ্মীৰত ঐক্যৰ মনোভাৱ বিৰাজ কৰে। আন এটা হুৰিয়তৰ সংযুক্ত সংগঠন জম্মু-কাশ্মীৰ গণ আন্দোলনে বিচ্ছিন্নতাবাদক নাকচ কৰিছে, ভাৰতৰ ঐক্যৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতা ঘোষণা কৰিছে। মই তেওঁলোকৰ এই পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছো” বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
“এতিয়ালৈকে ১২টা হুৰিয়ত সম্পৰ্কীয় সংগঠনে বিচ্ছিন্নতাবাদৰ পৰা আঁতৰি আহিছে, ভাৰতৰ সংবিধানৰ ওপৰত আস্থা ৰাখিছে। এয়া এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ জয়” বুলিও মন্তব্য কৰে অমিত শ্বাহে।
আনহাতে, আন তিনিটা গোট — জম্মু কাশ্মীৰ ইছলামিক পলিটিকেল পাৰ্টি, জম্মু আৰু কাশ্মীৰ মুছলিম ডেম’ক্ৰেটিক লীগ আৰু কাশ্মীৰ ফ্ৰিডম ফ্ৰণ্টে ৮ এপ্ৰিলত হুৰিয়ত সন্মিলনৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us