ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বাৰামুলাত শনিবাৰে পুৱাই সেনাৰ গুলীত মৃত্যু হয় এটা সন্ত্ৰাসবাদীৰ। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা শুকুৰবাৰে এই সন্ত্ৰাসবাদীৰ আক্ৰমণতে শ্বহীদ হৈছিল দুই সেনা জোৱানৰ। এই ঘটনা সংঘটিত হোৱা ২৪ঘন্টাৰ ভিতৰতে সেনা বাহিনীয়ে চলোৱা অভিযানত নিহত হয় এই সন্ত্ৰাসবাদীটো।
বৰ্তমানেও উক্ত অঞ্চলটোত বহুকেইটা সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে সেনাই। যাৰ বাবে অঞ্চলটো ঘেৰি ৰাখিছে সেনা আৰু আৰক্ষীৰ লোকে। ইয়াৰ পূৰ্বেও শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কঠুৱাত হোৱা গুলীয়াগুলিত সেনাৰ হাতত ধৰাশায়ী হৈছিল দুই সন্ত্ৰাসবাদীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us