/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9c33d8b6-ef60-4b5e-9fcb-723de62e8aa5/j_k.jpg)
j&k;
ডিজিটেল ডেস্ক : মঙলবাৰে জম্মু-কাশ্মীৰত পুনৰ সন্ত্রাসবাদীৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে দুজন শ্ৰমিকক লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় দুয়োজন শ্ৰমিক।
তথ্য অনুসৰি শুই থকা অৱস্থাত দুয়োজন শ্ৰমিকক গুলীয়াই হত্যা কৰা হয়। আনহাতে জম্মু-কাশ্মীৰৰ ছ'পিয়ানত সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষ হয়। দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়।