/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bbca8406-9fa1-4b62-930b-c5f751d5dd2f/16.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শুকুৰবাৰে জীৱেশ ৰায়ে নিযুক্তি লাভ কৰিছে। শুকুৰবাৰে ৰাজ্যপালে এক অধিসূচনাযোগে জীৱেশ ৰায়ক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দিয়ে ।
উল্লেখ্য যে পূৰ্বতে গোকুল বৰ্মন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু গোকুল বৰ্মন নাৰীজনিত কেলেংকাৰীত সাঙোৰ খাই পৰাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।
গোকুল বৰ্মনৰ পদত্যাগৰ পিছত যোৱা কিছুদিন ধৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদটো খালি হৈ আছিল আৰু আজি ৰাজ্যপালৰ এক অধিসূচনা যোগে (নং eCF 516256/24 ) পূৰ্বৰ নিৰ্দেশনাৰ (নং TAD/BC/34/2020/149 DTD. 25/02/2021) সামান্য সংশোধন ঘটাই জীৱেশ ৰায়ক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দিয়ে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে জীৱেশ ৰায় কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজ্যিক বিজেপিৰ এগৰাকী যুৱ নেতা হিচাপে পৰিচিত আছিল। জীৱেশ ৰায়ৰ ঘৰ কোকৰাঝাৰ -ধুবুৰী সীমান্তবৰ্তী শাশাৰগাঁও প্ৰথম খণ্ডত। জীৱেশ ৰায় কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰাত বহু দল-সংগঠনৰ নেৰ্তৃবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে আৰু কমতাপুৰ স্বায়ত্বশাসিত এলেকাত আনন্দৰ বন্যা বৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us