/asomiyapratidin/media/media_files/2025/07/19/new-ap-web-4-2-2025-07-19-19-57-00.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ এমহীয়া নাট কৰ্মশালাৰ অন্তত নাট প্ৰদৰ্শনৰ বাবে সাজু হৈছে জিৰছং থিয়েটাৰ। দুটা গল্পৰ আধাৰত ৰচনা কৰা এখন নাটক এইবাৰ অভিনৱ প্ৰণালীৰে মঞ্চস্থ কৰিবলৈ ওলাইছে জিৰছঙে। সেই অনুসৰি মঞ্চৰ তিনিওফালে বহিব কিছু দৰ্শক, তাৰ মাজত নাট্যশিল্পীসকলে পৰিদৰ্শন কৰিব নাটক। দৰ্শকে নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব নাটকখন। এই নতুন নাট সম্পৰীক্ষাত দৰ্শকে এক ব্যতিক্ৰমি অভিজ্ঞতা লাভ কৰিব বুলি আয়োজকসকলে আশা কৰিছে।
অসমৰ উপৰি মেঘালয়, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ নাট্য শিক্ষাৰ্থীয়ে কৰ্মশালাত লোৱা প্ৰশিক্ষণৰ অন্তত সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰাৰ দুটি গল্পৰ আধাৰত নিৰ্মিত আৰু ৰবিজিতা গগৈয়ে পৰিচালনা কৰা নাট "ডাৱৰৰ সিপাৰৰ চিলিকন ভেলী" অহা ২০ আৰু ২১ জুলাইত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰদৰ্শন কৰিব। নাটক খনৰ অভিনয় প্ৰশিক্ষক হিচাপে আছে গকুল মিপুণ আৰু নাটক খনৰ দৃশ্য সজ্জাৰ পৰিকল্পনা কৰিছে সুশীল কান্ত মিশ্ৰ।
উল্লেখযোগ্য যে, গুৱাহাটী জিৰছং থিয়েটাৰ আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ যুটীয়া উদ্যোগত কামৰূপ নাট্য সমিতিৰ সহযোগত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত বিগত ২০ জুনৰ পৰা নাটকৰ এটি পূৰ্ণ দৈঘ্যৰ প্ৰযোজনা ভিত্তিক জিৰছং থিয়েটাৰৰ এমহীয়া কৰ্মশালা চলি আছে। উক্ত কৰ্মশালাখন সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটা বিজয়ী অসমৰ বিশিষ্ট নাট পৰিচালক ৰবিজিতা গগৈৰ পৰিচালনাত অনুস্থিত হৈছে।
এই কৰ্মশালাখনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক সুশীল কান্ত মিশ্ৰ আৰু গকুল মিপুণ উপস্থিত থকাৰ উপৰিও সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক সুব্ৰত জ্যোতি নেওগ, অসমৰ জ্যেষ্ঠ সাংবাদিক, পৰ্বত আৰোহণকাৰী প্ৰণয় বৰদলৈৰ লগতে নাট পৰিচালক দয়াল কৃষ্ণ নাথ আৰু অসমৰ লোক-সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়া।
উক্ত কৰ্মশালাখনত নাটকৰ বিভিন্ন বিষয় সমূহ যেনে- নাটকৰ নিৰ্মাণ কাৰ্য, নাটকৰ সাজ-সজ্জা, নাটকৰ বিষয় বস্তু আৰু নাটকৰ মঞ্চ-সজ্জা ইত্যাদি বিষয় সমূহৰ ওপৰত অংশগ্ৰহণকাৰী সকলোকে প্ৰায়োগিক ভাৱে প্ৰশিক্ষণ দিয়া হৈছে। কৰ্মশালাত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা ১৮ জন প্ৰাৰ্থী হৈছে- প্ৰজ্বাল প্ৰদীপ নিশাৰ, ৰক্তিম কমল ভৰদ্বাজ, সমীক জ্যোতি গোস্বামী, ধ্ৰুৱ জ্যোতি ৰাভা, অন্নেষা হাজৰিকা, সন্দীপ শীল, ৰাবিয়া খাতুন, সীমা গগৈ, বৰ্ণালী কলিতা , দ্বীপ সাহা, পূজা ভৰদ্বাজ, লুনা শইকীয়া, চিমনা ডেকা, যতীন শইকীয়া, অৰুণাভ দত্ত, মুকেশ চৌধুৰী, ভায়োলিনা চহৰীয়া, জোনমণি দেৱী।
নাটক খনৰ অভিনয় প্ৰশিক্ষক হিচাপে উপস্থিত আছে গকুল মিপুণ আৰু নাটক খনৰ দৃশ্য সজ্জাৰ পৰিকল্পনা কৰিছে সুশীল কান্ত মিশ্ৰ। এই নাটক খনৰ প্ৰদৰ্শনীৰ ২০ জুলাইৰ দিনা সন্ধিয়া ৬:৩০ বজাত আৰু ২১জুলাইত আবেলি ৪:৩০ বজা আৰু সন্ধিয়া ৬: ৩০বজাত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মঞ্চস্থ হব। জিৰছং থিয়েটাৰে জনোৱা মতে নাটকৰ আসন সীমিত। গতিকে নাটক প্ৰেমী দৰ্শকক নাটক উপভোগ কৰিবলৈ ৯৩৯৫৪ ২৭৫৯৫ নম্বৰত যোগাযোগ কৰি আসন সংৰক্ষণ কৰিবলৈ অনুৰোধ জনাইছে।
অৱশ্যে, ১৫ বছৰৰ তলৰ শিশুৱে নাটখন উপভোগ কৰিব নোৱাৰিব। নাটক আৰম্ভ হোৱাৰ নিদ্ধাৰিত সময়ৰ ৫ মিনিট আগতেই প্রেক্ষাগৃহৰ আসন গ্রহণ কৰিবলৈ অনুৰোধ জনাইছে কৰ্মশালাখনৰ সমন্বয়ৰক্ষী কৰিশ্মা বড়োৱে। উল্লেখযোগ্য যে, ১৯৯৫ চনত গঠন হোৱা জিৰছং থিয়েটাৰ অসমৰ এটি পুৰণি নাট্য দল। জিৰছং থিয়েটাৰ নাট্য দলে এতিয়ালৈকে ৫০ খনতকৈও অধিক নাটক প্ৰযোজনা কৰিছে আৰু ৪০ খনতকৈও অধিক বিভিন্ন ধৰণৰ নাট সম্পৰ্কীয় প্ৰশিক্ষণৰ অনুষ্ঠান আয়োজন কৰিছে।