অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ প্ৰতি মিনিটত ৬ পইচা চাৰ্জ নলয় জিঅ’ই, জানক সবিশেষ…

অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ প্ৰতি মিনিটত ৬ পইচা চাৰ্জ নলয় জিঅ’ই, জানক সবিশেষ…

author-image
asomiyapratidin
New Update
আজিয়ে ডাউনলোড কৰক, জিঅ’ৰ নতুন সংযোজন…

ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ'ই যেতিয়াৰে পৰা অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ আইইউচিৰ অধীনত প্ৰতি মিনিটত ৬ পইচাকৈ চাৰ্জ লোৱাৰ ব্যৱস্থা কৰিছে, তেতিয়াৰে পৰা জিঅ'ৰ গ্ৰাহকসকল কিছু পৰিমাণে হ'লেও অসন্তুষ্ট হৈ পৰিছে। আনকি কিছু সংখ্যক গ্ৰাহকে জিঅ'ৰ এই নতুন চাৰ্জ নিয়মৰ পৰা আতৰি অন্য সহজলভ্য নেটৱৰ্ক বাচনি কৰাও পৰিলক্ষিত হৈছে।

Advertisment

প্ৰতি মিনিটত ৬ পইচা জিঅ'ৰ পৰা অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ চাৰ্জ লোৱাৰ নতুন নিয়ম প্ৰণয়ন কৰাৰ পিছত হ্ৰাস পাইছে জিঅ'ৰ গ্ৰাহকৰ সংখ্যা। যাৰ বাবে চিন্তাত পৰিছে ৰিলায়েন্স গ্ৰুপও। শেহতীয়াকৈ জিঅ'ই পুনৰ এবাৰ গ্ৰাহকক উভতাই পাবলৈ চেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।

ইফালে, ৰিলায়েন্স জিঅ'ৰ সঞ্চালক মহেন্দ্ৰ নাহাটে কয় যে- 'ইনকামিং আৰু আউটগঙিং কলৰ অনুপাত ইটো সিটোৰ সমান হৈছে, যাৰ বাবে ট্ৰেফিক এছিমেট্ৰী (traffic asymmetry) হ'ব পাৰে। সেয়েহে বিল এণ্ড কিপ (বিএকে) ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে পলম কৰিব নোৱাৰি (১ জানুৱাৰী, ২০২০ৰ পৰা জিৰ' ম'বাইল টাৰ্মিনেশ্যন ছাৰ্জ কৰা হ'ব)।'

লগতে তেওঁ কয়- 'আমি কোনো লাভ বা লোকচানৰ কথা ভবা নাই। কিন্তু নীতি-নিয়মসমূহৰ আধাৰত ইয়াৰ বিৰোধিতা কৰিছো। দূৰৈৰ স্থানৰ চৰকাৰ বা ৰেগুলেটৰী অথৰিটীৰ সিদ্ধান্তক সমালোচনা কৰাতো আমাৰ পৰিধিৰ বাহিৰত। সেয়েহে আমি উত্থাপন কৰা সকলো বিষয়ৰ সন্দৰ্ভত উচিত নিৰ্ণয় লোৱা হ'ব লাগে।'

কিন্তু শেহতীয়াকৈ এই চাৰ্জে গ্ৰাহকৰ অসন্তুষ্টি বৃদ্ধি কৰাত জিঅ'ই পুনৰ পূৰ্বৰ সেৱা গ্ৰাহকক উপলব্ধ কৰোৱাৰ পৰিকল্পনা কৰিছে। জিঅ'ৰ পূৰ্বৰ সেৱা উপলব্ধ হ'লে অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ গ্ৰাহকে ভৰিব নালাগিব অতিৰিক্ত চাৰ্জ। খবৰ অনুসৰি, ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা জিঅ'ই পুনৰ গ্ৰাহকক সকলোধৰণৰ বিনামূলীয়া কলৰ লাভ প্ৰদানৰ বাবে ব্যৱস্থা হাতত লৈছে।