আজিয়েই ৰিচাৰ্জ কৰক জিঅ’ৰ নতুন অফাৰ

আজিয়েই ৰিচাৰ্জ কৰক জিঅ’ৰ নতুন অফাৰ

author-image
asomiyapratidin
New Update
জিঅ’ৰ বাম্পাৰ অফাৰ, বিনামূল্যে ৫ দিনৰ বাবে ইন্টাৰনেট সেৱা!

ডিজিটেল ডেস্কঃ জিঅ' ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে এক সুখবৰ। এইবাৰ জিঅ' কোম্পানীয়ে গ্ৰাহক সকলক বিশেষ অফাৰৰ জৰিয়তে আগবঢ়াইছে দীৰ্ঘম্যাদী প্ৰি-পেইড প্লেন। গ্ৰাহকসকলে এতিয়া ৫৯৪ আৰু ২৯৭ টকাৰ ৰিচাৰ্জ কৰিয়েই লাভ কৰিব পাৰিব জিঅ'ৰ দীৰ্ঘম্যাদী সেৱা।

Advertisment

জিঅ'ই প্ৰদান কৰা ৫৪৯ টকাৰ প্ৰি-পেইড প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ৬ মাহৰ বাবে লাভ কৰিব বিনামূলীয়া ভয়চ কলিঙৰ সুবিধা। তাৰ উপৰি লাভ কৰি ০.৫ জিবি হাই স্পীড প্ৰতিদিনৰ সৈতে আনলিমিটেড ডাটা। এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে প্ৰতি ২৮ দিনৰ বাবে ৩০০ টা এছ এম এছৰ সুবিধাও লাভ কৰিব।

ইয়াৰ বাহিৰেও আৰু এটা প্ৰি-পেইড অফাৰ গ্ৰাহকক প্ৰদান কৰিছে জিঅ'ই। ২৯৭ টকীয়া এই অফাৰত গ্ৰাহকে ৮৪ দিনৰ বাবে লাভ কৰিব জিঅ' নেটৱৰ্কৰ সকলো সুবিধা। ফ্ৰী ভয়চ কলিং, আনলিমিটেড ডাটা (০.৫ জিবি হাইস্পীড ডাটা প্ৰতিদিনে)ৰ লগতে প্ৰতি ২৮ দিনৰ বাবে গ্ৰাহকে লাভ কৰিব ৩০০ টা ফ্ৰী এছ এম এছৰ সুবিধা।