/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/rilaiance-29.jpg)
ডিজিটেল ডেস্কঃ যিসময়ত দেশৰ সাধাৰণ জনতাই মোবাইল নেটৱৰ্ক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, ৪ জি নেটৱৰ্ক ব্যৱস্থা থকাৰ সময়তো দুৰ্বল নেটৱৰ্কৰ বাবে ইণ্টাৰনেটৰ সুবিধা সঠিক ভাৱে ল'ব পৰা নাই তেনে সময়তে দেশত ৫ জি সেৱাৰ আৰম্ভণি কৰাৰ বাট মুকলি কৰা হৈছে। দেশৰ মোবাইল নেটৱৰ্ক সেৱা জিঅ'য়ে ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰিব ৫ জি নেটৱৰ্ক সেৱা।
ৰিলেয়েঞ্চৰ মূৰব্বী তথা দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীয়ে ঘোষণা কৰিছে এই বিষয়ে। তেওঁ ঘোষণা কৰিছে যে চলিত বছৰৰ দিপাৱলীৰ ভিতৰত দেশত ৫ জি সেৱা আৰম্ভ হ'ব আৰু ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশত ৫ জি সেৱা উপলব্ধ হৈ পৰিব।
ৰিলায়েঞ্চে ৫ জি সেৱা মুকলি কৰাৰ নামত ২ লাখ কোটি টকা নিবেশ কৰিব আৰু প্ৰতিখন মুখ্য চহৰত চলিত বৰ্ষৰ দিপাৱলীৰ ৫ জি সেৱা উপলব্ধ হ'ব। কেৱল সেয়াই নহয়, ৫ জি সেৱা উপভোগৰ বাবে কম মূল্যতে এণ্ড্ৰইড মোবাইল ফোন নিৰ্মাণৰ বাবে ৰিলায়েঞ্চে গোগুলৰ লগত কাম কৰি আছে বুলিও জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us