ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত মঙলদৈৰ জিণ্টিমণি...

JINTIMONI
JINTIMONI

ডিজিটেল সংবাদ মঙলদৈঃ অসমৰ মহিলা ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ।মঙলদৈৰ উদিয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতা নিৰ্বাচিত হৈছে ১৯ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ। জিণ্টিমণিয়ে আগন্তুক ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ'বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখনত ভাৰতৰ উপৰিও থাকিব ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক ব'ৰ্ডে অনুষ্ঠিত কৰিছে এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত ভাৰতৰ এ আৰু বি দুয়োটা দলে অংশগ্ৰহণ কৰিব। জিণ্টিমণি ভাৰতীয় এ দলটোলৈ নিৰ্বাচিত হৈছে। তেওঁৰ এই সফলতাত অসম ক্ৰিকেট সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in