Advertisment

জ্যোতি চিত্ৰবনত জিম'চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত "জিম'চাঁয়া সাংস্কৃতিক মহিলা সমিতি ( জিম'চাঁয়া নচিৰিমা মিচিগু মুগে)"ৰ উদ্যোগত এখনি বৰ্ণিল‌ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
.m.m

ডিজিটেল সংবাদ,গুৱাহাটী: দেউৰী জাতিৰ বিশাল সাংস্কৃতিক ক্ষেত্ৰখনৰ সঠিক অধ্যয়ন, গৱেষণা, প্ৰসাৰ আৰু সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আজি কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত "জিম'চাঁয়া সাংস্কৃতিক মহিলা সমিতি ( জিম'চাঁয়া নচিৰিমা মিচিগু মুগে)"ৰ উদ্যোগত এখনি বৰ্ণিল‌ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈ যায়। পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে গুৱাহাটী মহানগৰ জিম'চাঁয়া নচিৰিমা মিচিগু মুগেৰ সভানেত্ৰী ৰেবিকা দেউৰীয়ে।

Advertisment

১০ বজাত আৰাউ উদ্বোধন কৰে মিচিগু মুগেৰ প্ৰচাৰ সম্পাদিকা মঞ্জু দেউৰীয়ে। দিনৰ ১ বজাত মিচিগু মুগেৰ শিল্পীবৃন্দৰ সমবেত সংগীত পৰিৱেশনৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি মুগেৰ তথা‌ মহিলা সমিতিৰ লক্ষ্য, উদ্দেশ্য সমিতিৰ অন্যতম বিষয়ববীয়া, লেখিকা, শিক্ষয়িত্ৰী অৰ্চনা দেউৰীয়ে কয়- "দেউৰী জাতিৰ ভাষা-সংস্কৃতিৰ প্ৰতি সংকট আহিছে। দেউৰীসকলৰ হৃদয় পৰশা গীত-মাতবোৰ এচাম দুষ্ট চক্ৰই নিজৰ দখললৈ নিবলৈ কু-অভিপ্ৰায় সৃষ্টি কৰিছে। 

তাৰ বাবে আমি সচেতন হ'বৰ হ'ল।‌ মিচিগু মুগেৰ উদ্যোগত উপযুক্ত সংৰক্ষণ, প্ৰচাৰ -প্ৰসাৰ লগতে গৱেষণা ধৰ্মী কাম কৰাৰ প্ৰয়াস কৰা হৈছে।" সভাত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলাৰ জিলা আৰু সত্ৰ ন্যায়ধীশ নগেন চেনাবয়া দেউৰীয়ে অংশ লৈ দেউৰী জনগোষ্ঠীক সৰ্বতোপকাৰে আগুৱাই নিবৰ বাবে জনগোষ্ঠীটোৰ সকলো জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰীয়ে অংশ লৈ‌ কয়- "দেউৰী ভাষা ৰক্ষাৰ বাবে আমি পণ ল'ব লাগিব। দেউৰী সমাজৰ প্ৰতিজন লোকে নিজৰ ভাষা সলসলীয়াকৈ ক'ব আৰু লিখিব পৰা‌ হ'ব লাগিব। চৰকাৰেও সদিচ্ছাৰে আগুৱাই নিবলৈ প্ৰয়াস কৰিব লাগিব। মইনা-ভাটৌ চৰাই যিদৰে ভাষা শিকে আমিও শিকিব লাগিব।"

সভাৰ আন এগৰাকী অতিথি পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক, সাহিত্যিক দীপক শৰ্মাই নিজস্ব ভাষণত কয়- "ভাষা শিকিব লাগিব। নিজৰ মাতৃভাষাক সন্মান দিব লাগিব। সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰিব লাগিব।  নিজক  বা এটা জাতি, সংগঠনক প্ৰতিষ্ঠা কৰাৰ বাবে সময় আৰু লক্ষ্য স্থিৰ কৰিব লাগিব।"

সভাত সাহিত্য অকাডেমি অনুবাদক বঁটা প্ৰাপক তথা অৱসৰপ্ৰাপ্ত সহকাৰী কৰ আয়ুক্ত বিপুল দেউৰী, স্বাস্থ্য সেৱা বিভাগ, অসমৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডা: জগদীশ দেউৰী, আৰক্ষী অধীক্ষক মুনীন্দ্ৰ নাথ দেউৰী, দেউৰী জাতীয় মঞ্চৰ সভাপতি ড০ অতুল কুমাৰ দেউৰী ভৰালী, এচ এচ বিৰ অৱসৰপ্ৰাপ্ত উপ- মহাপৰিদৰ্শক ড০ জয়ন্ত দেউৰী, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ প্ৰভৃতিয়ে অংশগ্ৰহণ কৰি দেউৰী মহিলা শিল্পী সকলে লোৱা ঈৰ্ষনীয় পদক্ষেপক প্ৰশংসা কৰে।

দেউৰী জাতিৰ বিশাল সাংস্কৃতিক উত্তৰণৰ বাবে লোৱা প্ৰদক্ষেপক প্ৰতিগৰাকী বক্তাই প্ৰশংসাৰে উপচাই দিয়ে । সভাত ‌দেউৰী জনগোষ্ঠীৰ বিহু, নৃত্য গীত-মাত আদি পৰিবেশন কৰি পৰিৱেশটো প্ৰাণৱন্ত কৰি তোলে।

জ্যোতি চিত্ৰবন