/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bcc45981-9497-4b07-8416-c2193d9dbfd3/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ যোৱা ৯আগষ্ট, ২০২৩ তাৰিখে ডিব্ৰুগড়ত ড০ নগেন শইকীয়াই 'বৰ্ণমালা'ত উন্মোচন কৰিছিল হেমকোষৰ ব্ৰেইল অভিধান, জয়ন্ত বৰুৱা আৰু গীনিজ বুক অৱ ৰেকৰ্ডচ সম্পৰ্কীয় গ্ৰন্থ "জীৱন অন্য জীৱন"। গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ সহযোগী অধ্যাপক ড০ কিশোৰ কুমাৰ ভট্টাচাৰ্যই যুগুটোৱা এই গ্ৰন্থখনি শুকুৰবাৰে সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত উপস্থিত হৈ ড০ ভট্টাচাৰ্যই অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ হাতত অৰ্পন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b8676e29-e39e-43c6-9cf9-e6ed2530e2ac/509f762c_221c_4a95_8b6c_f8ee265eb703.jpg)
সমন্বয় প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন সম্পাদনা কৰিছে ড০ কিশোৰ কুমাৰ ভট্টাচাৰ্যই। তেওঁক সংগ দিয়ে তেওঁৰ পত্নী অদিতি ভট্টাচাৰ্যই। একে সময়তে হেমকোষ প্ৰকাশনৰ কাৰ্যালয়ত হেমকোষ পঞ্চদশ সংস্কৰণৰ সম্পাদনা কাৰ্যত ব্যস্ত ড০ মালিনী গোস্বামীকো গ্ৰন্থখনৰ কপি প্ৰদান কৰে ড০ ভট্টাচাৰ্যই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7255a910-7c45-4d39-8e81-09cbedd86644/138d3cd7_32a3_42f9_b1db_dc166ecea968.jpg)
Also Read: চক্ৰ বিষয়াৰ কাৰ্যালয়ত গুণ্ডাগিৰিঃ আটক বিজেপি নেতা