ডিজিটেল ডেস্কঃ বিহুৰ পাছত ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । ২৪ ফেব্ৰুৱাৰী,২০২৫ ত সৰুসজাই ষ্টেডিয়ামত একেলগে ৭০০০ ঝুমুৰ নৃত্য শিল্পীয়ে এই নৃত্য অনুষ্ঠানত ভাগ ল’ব । ৰাজ্য চৰকাৰৰ এক সূত্ৰই সদৰী কৰা মতে ঝুমুৰ নৃত্যৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব ।
ইয়াৰ প্ৰস্তুতিৰ বাবে মুখ্য সচিব ৰবি কোটাই জিলা আয়ুক্তসকললৈ পদক্ষেপ গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে। মুখ্য সচিবগৰাকীয়ে দিয়া নিৰ্দেশত মহিলা ঝুমুৰ নৃত্য শিল্পীসকলৰ নিৰাপত্তা সুনিশ্চিতকৰণ, সাজ-পোচাকৰ ব্যৱস্থা, চিকিৎসা আৰু থকা-লোৱাৰ ব্যৱস্থাকে ধৰি সকলো ব্যৱস্থা কৰাৰ লগতে জিলা পৰ্যায়ত প্ৰশিক্ষণৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ দিহা কৰিবলৈ কোৱা হৈছে ।
উল্লেখযোগ্য যে প্ৰতিখন জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰীসকলে এই ব্যৱস্থাৰ তদাৰক কৰিব আৰু তেওঁলোকক সহযোগ কৰিব স্থানীয় বিধায়কে । গিনিজ বুকত ঝুমুৰ নৃত্যৰ অভিলেখ গঢ়িবলৈ নৃত্য শিল্পীসকলক জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা কৰ্মশালৰ পৰাই নিৰ্বাচিত কৰা হ’ব । ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে এই কৰ্মশালাবোৰ অনুষ্ঠিত হৈ যোৱাৰ পিছত সৰুসজাই মূল ষ্টেডিয়ামত ইয়াৰ আখৰা চলিব । এই মূল অনুষ্ঠানৰ অন্যতম সমন্বয়ক হিচাপে কামৰূপ মেট্ৰ’ৰ আয়ুক্তগৰাকীক দায়িত্ব দিয়া হৈছে । অনুষ্ঠনটিৰ মূল পৰিচালনাৰ দায়িত্বত আছে ৰাজ্যৰ সাংস্কৃতিৰ পৰিক্ৰমা বিভাগ ।
মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৭০০০ ঝুমুৰ নৃত্য শিল্পীয়ে অভিলেখ গঢ়িবলৈ লোৱা এই পদক্ষেপত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে । ১২,০০০ নৃত্যশিল্পীয়ে বিহু নৃত্যৰে অভিলেখ গঢ়াৰ পিছত ঝুমুৰ নৃত্যৰে অভিলেখ গঢ়িব বিচৰা এই অনুষ্ঠানত যাতে প্ৰতিখন চাহ-বাগিছাৰ পৰা নৃত্য শিল্পীৰ প্ৰতিনিধিত্ব থাকে তাৰ বাবেও লোৱা হৈছে পদক্ষেপ । একোখন চাহ-বাগিছাৰ পৰা ৮০ৰ পৰা ১২০ গৰাকী শিল্পীয়ে এই ঝুমুৰ নৃত্যত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ।