ঝুমইৰ বিনন্দিনীঃ আজি ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ...

ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ক্ৰীড়া প্ৰকল্প। আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত ৮ সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য।

author-image
Asomiya Pratidin
New Update
,j

ডিজিটেল ডেস্কঃ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ক্ৰীড়া প্ৰকল্প। আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত ৮ সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপস্থিত থাকিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, দেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উদ্যোগপতি।

Advertisment

উল্লেখযোগ্য যে ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ'ব এই অনুষ্ঠান । ইয়াৰ পূৰ্বে কেতিয়াও একে স্থানত একে সময়তে ইমান বৃহৎ সংখ্যক শিল্পীয়ে পৰিৱেশন কৰা নাছিল ঝুমুৰ নৃত্য। এইখিনিতে উল্লেক কৰা প্ৰয়োজন যে, এই 'ঝুমুৰই বিনন্দিনী' অনুষ্ঠানত ২৭খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী। 

সোমবাৰে সন্ধিয়া ৬ বজাত ঝুমইৰ বিনন্দিনীৰ অনুষ্ঠান আৰম্ভ হব। বিয়লি ৩বজাত আগে আগে সৰুসজাই প্ৰৱেশ কৰিব লাগিব দৰ্শকসকলে।  ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী শিল্পীলৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকা। এই ঐতিহাসিক দিনটোৰ বাবে বিগত কিছুদিন ধৰি চলিছিল অনুশীলন।

সৰুসজাই