শিক্ষকক গছত বান্ধি অপদস্থ কৰিলে ছাত্ৰই, পৰীক্ষাত দিছিল কম নম্বৰ…

শিক্ষকক গছত বান্ধি অপদস্থ কৰিলে ছাত্ৰই, পৰীক্ষাত দিছিল কম নম্বৰ…

author-image
asomiyapratidin
New Update
শিক্ষকক গছত বান্ধি অপদস্থ কৰিলে ছাত্ৰই, পৰীক্ষাত দিছিল কম নম্বৰ…

ডিজিটেল ডেস্ক : পিতৃ-মাতৃৰ পাছতেই স্থান লাভ কৰি অহা শিক্ষক এগৰাকীক ভাৰতীয় সমাজত এক উচ্চ স্থানত অধিস্থিত কৰা হয় । শিক্ষাৰ্থী এগৰাকীৰ জীৱন গঠনত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে শিক্ষক এগৰাকীয়ে । তেনে সংস্কৃতিৰেই চহকী দেশখনৰ ঝাৰখণ্ডত ঘটিল এক লজ্জাত শিৰ নত কৰা ঘটনা । ৰাজ্যখনৰ ডুমকা জিলাৰ এখন স্থানীয় বিদ্যালয়ৰ অংক বিভাগৰ এগৰাকী শিক্ষকক বিগত পৰীক্ষাত নৱম শ্ৰেণীৰ ১১ জন শিক্ষাৰ্থীক অনুত্তীৰ্ণ কৰোৱাৰ বাবেই বিদ্যালয় চৌহদৰে গছত বান্ধি শাৰীৰিক প্ৰহাৰ কৰে শিক্ষাৰ্থী কেইজনে ।
বিদ্যালয় কৰ্তৃপক্ষই ও এই সন্দৰ্ভত ৰুজু নকৰে কোনো গোচৰ । বৰং ই ভৱিষ্যতলৈ শিক্ষাৰ্থী কেইজনৰ ভৱিষ্যত নষ্ট কৰিব বুলিহে গা এৰা মন্তব্য দিয়ে কৰ্তৃপক্ষই ।
উল্লেখ্য যে, ঘটনাটিৰ অনুসন্ধানৰ বাবে গোপিকান্দাৰ শাখা উন্নয়ন বিষয়া আনন্ত ঝা বিদ্যালয়খনত উপস্থিত হৈ মন্তব্য প্ৰদান কৰে যে, এই ঘটনাটোৰ সৈতে বিদ্যালয়খনৰ প্ৰায় সকলো শিক্ষাৰ্থীয়েই জড়িত আছিল প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে ।

Advertisment

আৰু পঢ়ক : অৰুণাচলৰ প্ৰথমজন এভাৰেষ্ট আৰোহণকাৰী চীন সীমান্তত সন্ধানহীনঃ ভাৰ্জিন মাউন্টেইন আৰোহণৰ বাবে চলাইছিল চেষ্টা…

jharkhand india