/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/jharkhand.jpg)
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰাচীত মহিলা আৰক্ষীক মহতিয়ালে এখন পিক আপ ভানে।মহিলা আৰক্ষীগৰাকীয়ে তালাচী চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে মহিলা আৰক্ষীগৰাকীক মহতিয়াই পলায়ন কৰে ভানখনৰ চালকজনে।এই ঘটনাৰ ফলত ঘটনাস্থলিতে মৃত্যুমুখত পৰে মহিলা আৰক্ষীগৰাকী।
এই ঘটনাত মৃত্যু হোৱা মহিলা আৰক্ষীগৰাকীৰ নাম সন্ধ্যা টুপনো। কৰ্তব্য পালন কৰি থকাৰ সময়তে পিক আপ ভানখনক তালাচীৰ বাবে ৰখাইছিল সন্ধ্যা টুপনোৱে । সেই সময়তে পিক আপ ভানখনে মহতিয়াই নিয়ে মহিলা আৰক্ষীগৰাকীক।
আৰক্ষীয়ে এই সন্দৰ্ভত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু বাহনখন জব্দ কৰিছে।ৰাচীৰ আৰক্ষী অধীক্ষক কৌশল কুমাৰে এই সন্দৰ্ভত কয় যে- 'আৰক্ষীয়ে অঞ্চলটোৰ পৰা গৰু চোৰাং ব্যৱসায়ীসকলৰ মৃত্যুৰ বিষয়ে গোপন তথ্য লাভ কৰিছিল সেয়েহে পথত তালাচীৰ ব্যৱস্থা কৰা হৈছিল'।
আৰু পঢ়ক:ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বালেশ্বৰ আৰু ফুচকাইন শ্লুইচ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ